top of page

অখিল গগৈৰ মুক্তি আৰু এন.এইচ.পি.চি. বন্ধৰ দাবীত চাউলধোৱাত কৃষক মুক্তিৰ মানৱ শৃংখল ।।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 29, 2020
  • 1 min read

"কা" আন্দোলনত জড়িত থকাৰ অপৰাধত দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মুক্তিৰ দাবীত তথা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাউলধোৱা আঞ্চলিক সমিতিয়ে মানৱ-শৃংখল কাৰ্যসূচীৰে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে।

সভাপতি হেমন্ত শইকীয়া আৰু সম্পাদক নিতু হাজৰিকাৰ নেতৃত্বত চাউলধোৱা ঘাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদীসকলে অখিল গগৈক মুক্তি দিয়ক, এই অন্যায় নচলিব, এন.এইচ.পি.চি. বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে ।


এই মানৱ-শৃংখল কাৰ্যসূচীত চাউলধোৱাৰ অগ্ৰণী জাতীয়তাবাদী ব্যক্তি প্ৰমোদ হাজৰিকাকে আদি কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।


বগীনদীৰ পৰা

ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page