top of page

USA ৰ THE AMERICAN UNIVERSITY FOR GLOBAL PEACE নামৰ সংস্থাৰ আজমললৈ সন্মান

Writer's picture: Timeline AsomTimeline Asom

কৰ'না-যোদ্ধা মৌলানা বদৰুদ্দিন আজমললৈ আমেৰিকান সংস্থাৰ প্ৰশস্তি পত্ৰ ৷। USA ৰ THE AMERICAN UNIVERSITY FOR GLOBAL PEACE নামৰ সংস্থাটোৱে আজমলক প্ৰদান কৰে প্ৰশস্তি পত্ৰ৷



কৰ'না মহামাৰীৰ সময়ত অসমৰ প্ৰতিখন স্পৰ্শকাতৰ ঠাইৰ লগতে বহিঃৰাজ্যৰ অসহায় লোকসকলক সহায় কৰাৰ বাবে বদৰুদ্দিন আজমলক কৰ'না যোদ্ধা হিচাপে সন্মানিত কৰে সংস্থাটোৱে ৷


আজমল চি.এছ.আৰ.ৰ জৰিয়তে লকডাউনত এমুঠি খাদ্যৰ অভাৱত হাহাকাৰ কৰি থকা ভাৰতৰ অসহায় আৰু আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ, আৰ্থিক সাহায্য প্ৰদান আদি প্ৰশংসনীয় মানৱসেৱাৰ বাবে আজমলক প্ৰদান কৰা হৈছে এই স্বীকৃতিপত্ৰ ৷


উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত মৌলানা বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমলে আজমল চি.এছ.আৰ.ৰ জৰিয়তে ডেৰ লাখ পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ কৰিছে, লক ডাউনৰ বাবে আবদ্ধ হোৱা বহিঃৰাজ্যৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।


এখন সমৃদ্ধিশালী আৰু উন্নত ৰাষ্ট্ৰ নিৰ্মাণত গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে মৌলানা বদৰুদ্দিন আজমলক GOOD WILL AMBASSADOR OF PEACE INDIA CHAPTER ৰ বাবে মনোনীত কৰিছে THE AMERICAN UNIVERSITY FOR GLOBAL PEACE, USA আৰু THE UNITED NATIONS UNIVERSITY FOR GLOBAL PEACE য়ে৷


ড° তাহেৰা আহছানৰ প্ৰতিবেদনৰ ভিত্তিত আমেৰিকান সংস্থা দুটাই গোলকীয় শান্তিৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ অৱদান আগবঢ়োৱাৰ বাবে আজমলক প্ৰদান কৰিছে এই স্বীকৃতিপত্ৰ৷


বৰঙাবাৰীৰ পৰা

জুলফিকাৰ আলীৰ প্ৰতিবেদন

টাইমলাইন অসম

11 views0 comments

Recent Posts

See All

Commentaires


bottom of page