top of page
  • Writer's pictureTimeline Asom

Today's News Headlines আজিৰ মুখ্য বাতৰি


* কোভিড-১৯ত আক্ৰান্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ। এছএমচিএইচত চিকিৎসাধীন উপাধ্যক্ষ লস্কৰ।


* আজি ভাৰতত অৱতৰণ পাঁচ ৰাফেল যুদ্ধ বিমানৰ


* পুনৰ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৩৭১জন

ৰাজ্যত কোৰোনাত আক্ৰান্ত সুস্থ হৈছে ১২১৬জন



* আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ’ল ঐতিহাসিক গহপুৰ থানা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে ঐতিহাসিক থানাখন। ৫০ লাখ টকা ব্যয়ৰে পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছিল থানাখন।



* কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবীৰ লগতে কা বাতিলৰ দাবীত মঙলবাৰে যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ সাংস্কৃতিক প্ৰতিবাদ।


* বিহাৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। ৰাজ্যখনৰ মুজাফাৰপুৰত বন্যাৰ্তসকলে বানৰ পৰা ৰক্ষা পৰিবলৈ পথৰ কাষতে লৈছে আশ্ৰয়।



* ত্ৰিপুৰাত তিনিদিনৰ বাবে লকডাউন জাৰি। ৰাজ্য চৰকাৰে ঘৰে ঘৰে গৈ কৰিব কোভিড টেষ্ট।



* নগালেণ্ডত মঙলবাৰে ৭৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ৫১জন কেৱল ক’হিমাৰ।



* বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নড্ডাৰ গুৰুত্বপূৰ্ণ বৈঠক। বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহিব এই বৈঠক৷



* শিলিগুৰিত ধাৰাসাৰ বৃষ্টিপাত। যোৱা ২৪ ঘন্টাত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হয় ভূমিস্খলন৷


* অত্যাধুনিক ৰ’বটেৰে মহানগৰীৰ নলা-নৰ্দমা চাফা কৰিব গুৱাহাটী পৌৰ নিগমে। মঙলবাৰে জনতা ভৱনৰ সন্মুখত আনুষ্ঠানিকভাৱে অত্যাধুনিক ৰবট বেন্দীক’টেৰে শুভাৰম্ভ কৰা হয়


* পশ্চিমবংগত অহা ৩১ আগষ্টলৈ লকডাউন বৃদ্ধি। লকডাউন প্ৰতি সপ্তাহত দুদিনৰ বাবে জাৰি কৰা হৈছে।


- news desk timeline assam

22 views0 comments

Comentarios


bottom of page