top of page
  • Writer's pictureTimeline Asom

Today's News Headlines আজিৰ মুখ্য বাতৰি

Today's News Headlines আজিৰ মুখ্য বাতৰি


১| ভাৰত ৰত্ন, পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু অনেক সন্মানেৰে সন্মানিত ভাৰতৰ একাদশ সংখ্যক ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামৰ আজি ষষ্ঠ সংখ্যক মৃত্যুবাৰ্ষিকী । টাইমলাইন অসমৰ তৰফৰপৰা তেখেতক স্মৰণ কৰি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত ।


২| ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰত আৰু আমেৰিকাৰ মাজত পাৰমাণৱিক চুক্তি সম্পন্ন হৈছিল।


৩| " মাজুলীৰ কেউফালে যোগাযোগ বিচ্ছিন্ন, এই জটিল সন্ধিক্ষণে আমাৰ জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে"- এই মন্তব্য মাজুলীবাসীৰ ।


৪| ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শেহতীয়াকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা-৩২২২৮ গৰাকীলৈ বৃদ্ধি ।


সুস্থ হোৱা ৰোগীৰ সংখ্যা-২৪০৪০ গৰাকী,

চিকিৎসাধীন ৰোগীৰ সংখ্যা- ৮১০৬ গৰাকী আৰু বিয়োগ হোৱা ৰোগীৰ সংখ্যা-৭৯ গৰাকী ।


৫| মহামাৰী কৰ'ণাৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যত বানৰ সংহাৰী ৰূপ । এই পৰ্যন্ত বানৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা-১০২ গৰাকী ।


৬| আজি গুৱাহাটী ক্লাৱৰ টি.চি পইন্টত অসম প্ৰদেশ কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে " গণতন্ত্ৰ বচাওক, সংবিধান বচাওক" শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।


- অভিজিত গগৈ, টাইমলাইন অসম।

12 views0 comments

Comments


OUR PROGRAM
bottom of page