top of page
  • Writer's pictureTimeline Asom

Today's News Headlines আজিৰ মুখ্য বাতৰি


১| আগন্তুক ১৫ আগষ্টত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কৰ'ণাৰ প্ৰতিষেধক মুকলি কৰিব ।এই প্ৰতিষেধকৰ নাম হৈছে-ক'ভেক্সিন।


২| " দুৰ্যোগৰ সময়ত অসমবাসীৰ সৈতে আছে সমগ্ৰ দেশ"- এই মন্তব্য দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।


৩| ড৹ এ পি জে আব্দুল কালামে ২০০২ চনৰ আজিৰ দিনটোতে দেশৰ একাদশ সংখ্যক ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ।


৪| প্ৰতিভা দেৱী সিং পাটিলে ২০০৭ চনৰ আজিৰ দিনটোতে দেশৰ দ্বাদশ সংখ্যক প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ।


৫| অসম তথা ডিব্ৰুগড়বাসীলৈ সুখবৰ ।পেট্ৰ'কেমিকেল সামগ্ৰীৰ উৎকৃষ্ট উৎপাদনৰ বাবে বিদেশী প্ৰতিষ্ঠান BERKSHIRE MEDIA LLC, USA তৰফৰপৰা দেশৰ ভিতৰতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে বি.চি.পি.এল অৰ্থাৎ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে।


৬| ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শেহতীয়াকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা-২৯৯২১ গৰাকীলৈ বৃদ্ধি ।


সুস্থ হোৱা ৰোগীৰ সংখ্যা-২১৭৬১ গৰাকী,

চিকিৎসাধীন ৰোগীৰ সংখ্যা-৮০৮১ গৰাকী আৰু বিয়োগ হোৱা ৰোগীৰ সংখ্যা-৭৬ গৰাকী।


৭| প্লাজমা দান কৰা লোকসকলৰ বাবে সুখবৰ । যোৰহাটৰ প্লাজমা দান কৰা প্ৰথম ২০০ গৰাকীক ৭০০০ টকাৰে পুৰস্কৃত কৰিব যোৰহাটৰ বিশিষ্ট উদ্যোগপতি তথা সমাজকৰ্মী মাখন গাট্টানীয়ে।


৮| বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ আজি ৭৮ সংখ্যক জন্মদিন । টাইমলাইন অসমৰ তৰফৰপৰা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতলৈ যাচিছোঁ অযুত শুভকামনা ।


৯| বিশিষ্ট কণ্ঠশিল্পী তথা সংগীত পৰিচালক জে পি দাসৰ আজি ৭৪ সংখ্যক জন্মদিন । টাইমলাইন অসমৰ তৰফৰপৰা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতলৈ যাচিছোঁ অযুত শুভকামনা ।


১০| সাংসদ হিচাবে শপত গ্ৰহণ কৰাৰ পিছতে ভুৱনেশ্বৰ কলিতাক ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাবে নিযুক্তি প্ৰদান কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেঙকায়া নাইডুয়ে ।


১১| "ৰাজ্য চৰকাৰে বাৰ্ষিক ৭ লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে"- এই মন্তব্য মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।


১২| ১৯৭৮ চনৰ আজিৰ দিনটোতে প্ৰথম টেষ্টটিউব শিশু লুইজ ব্ৰাউনৰ জন্ম হৈছিল।


  • অভিজিত গগৈ, টাইমলাইন অসম।

36 views0 comments

Comments


bottom of page