top of page
  • Writer's pictureTimeline Asom

Today's News Headlines

আজিৰ মুখ্য বাতৰি-



১ | ভাৰতৰ ক্ৰীড়া জগতলৈ সুখবৰ ।জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছৰ ৪×৪০০ মিক্স ৰীলেত ভাৰতীয় দলটোৱে লাভ কৰা ৰূপৰ পদক সোণৰ পদকলৈ উন্নীত কৰা হয়। উক্ত দলটোৰ সৈতে অসম গৌৰৱ, ধিং এক্সপ্ৰেছ হিমা দাসো জড়িত আছিল ।


২|ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শেহতীয়াকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা-২৮৭৯১ গৰাকীলৈ বৃদ্ধি ।


সুস্থ হোৱা ৰোগীৰ সংখ্যা-১৯৩৫০ গৰাকী,

চিকিৎসাধীন ৰোগীৰ সংখ্যা-৯৩৬৮ গৰাকী আৰু বিয়োগ হোৱা ৰোগীৰ সংখ্যা-৭৬ গৰাকী।


৩| বিশিষ্ট লেখক,ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ আজি ৬৯ সংখ্যক জন্মদিন ।


৪| বিশিষ্ট কণ্ঠশিল্পী সুবীৰ সেনৰ আজি ৮৭ সংখ্যক জন্মদিন ।


৫| স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ তিমুং, স্বাস্থ্য বিভাগৰ উপ-সচিব সৌৰভ সেনাপতি আৰু জি.এম.চি.এইচ ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ কৰ'ণা পজিটিভ বুলি জানিব পৰা গৈছে ।


৬|গুৱাহাটীৰ ভৰলুমুখত বিশেষ ভাৱে সক্ষম কিশোৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি নিলম্বিত হ'ল আৰক্ষী জোৱান মুকুট বনিয়া ।


৭ | অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি Dil Bechara ৰ আজি শুভমুক্তি ।



অভিজিত গগৈ, টাইমলাইন অসম।

12 views0 comments

Comments


bottom of page