top of page

STORY OF MAJULI - 1 মাজুলী সুৰক্ষা/১

Writer's picture: Timeline AsomTimeline Asom

মাজুলীৰ শালমৰাত বানৰ তাণ্ডৱ-পানীত বুৰ গ'ল ছয় শতাধিক পৰিয়ালৰ বাসস্থান

বান-খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা শৈলস্পাৰলৈ ভাবুকিঃ মাজুলীক ৰক্ষা কৰিবলৈ চৰকাৰক দাবী

মাজুলীৰ ঐতিহ্যমণ্ডিত বৃহত্তৰ শালমৰা অঞ্চল ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াত বিপৰ্যস্ত হৈ গভীৰ অস্তিত্ব সংকটত ভুগিছে।

শালমৰাৰ পৰম্পৰাগত মৃৎশিল্প আৰু নৌকা শিল্পৰে জীৱিকা ধাৰণ কৰা অঞ্চলটোৰ প্ৰায় ছশটা পৰিয়ালৰ বাসস্থান বৰ্তমান ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানত বুৰ গৈছে।

এফালে বানৰ তাণ্ডৱ আৰু আনফালে কৰ'না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি সমগ্র বিশ্বৰ অৰ্থনীতি ভাঙি তচনচ কৰি তোলাৰ সময়ত ইয়াৰ কু-প্ৰভাৱ মাজুলীৰ শালমৰা অঞ্চললৈও সম্প্ৰসাৰিত হোৱা দেখা গৈছে।মূলতঃ মৃৎ শিল্প আৰু নৌকা শিল্পৰে জীৱিকা অৰ্জন কৰা শালমৰাবাসীৰ সকলো পৰিয়ালে কঠোৰ পৰিশ্ৰমৰ মাজেৰে তৈয়াৰ কৰা কলহ,টেকেলি,মলা,নদীয়া আদি সামগ্ৰীসমূহৰ এপদো এই বছৰ বজাৰলৈ ওলিয়াই নিব নোৱাৰাত পৰিয়াল সমূহৰ জীৱনলৈ অচলাৱস্থা নামি অহাত ৰাইজে চকুলো টুকিছে।

বান-বাৰিষাৰ ভয়াৱহতাৰ মাজতে শালমৰা অঞ্চলৰ আশে-পাশে আশ্ৰয় লৈ থকা প্ৰায় ছল্লিশ জনীয়া বৃহৎ হাতীৰ জাক এটাৰ লগতে বনৰীয়া ম'হে নিশাৰ ভাগত আহি প্ৰায়ে উপদ্ৰপ কৰাত অঞ্চলৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে।তদুপৰি চৰকাৰে বানপানী আৰু খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত নিৰ্মাণ কৰা শৈলস্পাৰ সমূহৰ কিছু অংশত দ-গাঁতৰ সৃষ্টি হৈ পাৰ সমূহৰ কেইবা ঠাইতো মাটি খহি থকা পৰিলক্ষিত হৈছে।

গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে শালমৰাত নিৰ্মাণ কৰা ৩নং স্পাৰৰ এটা অংশ ভয়াৱহ বানত খহনীয়াৰ কবলত পৰিছে বুলি গাওঁবুঢ়াৰ লগতে ৰাইজেও দাবী উত্থাপন কৰিছে।শালমৰাৰ ১নং স্পাৰটো বানত খহি গ'লে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ছয় শতাধিক পৰিয়ালৰ জীৱন-সম্পত্তিলৈ ভাবুকি নামি অহাৰ লগতে ব্ৰহ্মপুত্ৰই মাজুলীৰ মূল ৰক্ষা কৱচ মাতমৰা-চুমৈমাৰী মঠাউৰিৰ বনগাওঁ অংশত খুন্দা মাৰি নৈখনৰ কোবাল জলৰাশি মাজুলীৰ অন্তৰ্ভাগলৈ সোমাই অহাৰ আশংকা ঘনীভূত হৈছে।বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে শৈলস্পাৰ সমূহৰ ওপৰত চোকা দৃষ্টি ৰাখি ক্ষীপ্ৰতাৰে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰি ঐতিহ্যপূৰ্ণ নদীদ্বীপটো ৰক্ষা কৰিবলৈ মাজুলীবাসীয়ে দাবী জনাইছে।

-মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ বিশেষ প্ৰতিবেদন, টাইমলাইন অসম। #timeline_assam

53 views0 comments

Recent Posts

See All

Komentáře


bottom of page