top of page
  • Writer's pictureTimeline Asom

Poetry Organisation's worker & timeline asom's reporter attacked at Dhing.

ধিঙত সাংবাদিক, সাহিত্যকৰ্মীক আক্ৰমণ ।।

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ধিং বৰভেটি গাঁৱত জঘন্য ঘটনা । শুক্ৰবাৰৰ নিশা প্ৰায় ৯ মান বজাত বৰভেটি গাঁৱৰ টাইমলাইন অসমৰ ধিঙৰ সংবাদদাতা তথা সদৌ অসম কবি সন্মিলনৰ ধিং শাখাৰ সম্পাদক দীপজ্যোতি কাকতিৰ ওপৰত জঁপিয়াই পৰে গাঁৱৰে কেশৱ ভঁৰালী নামৰ উদণ্ড লোক এজন । উল্লেখযোগ্য যে ঘৰৰ নিচেই কাষতে চিঞৰ-বাখৰ শুনি সাংবাদিকজন ঘটনাস্থলীত উপস্থিত হৈ দেখে-- গাঁৱৰে দুজন কিশোৰ ক্ৰমে নেত্ৰকমল শইকীয়া (১৬) আৰু মৃণাল শইকীয়া (২০)ক কেশৱ ভঁৰালী নামৰ লোকজনে মাৰ-ধৰ কৰি গুচি গৈছে । কিন্তু ২ মিনিট নহওঁতেই কেশৱ ভঁৰালীৰ ভাগিন ৰূপজ্যোতি বৰা আৰু অমৃতজ্যোতি চুতিয়াই দ্বিতীয়বাৰ আকৌ ল'ৰা দুটাক প্ৰহাৰ কৰিব লওঁতে সাংবাদিকজনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিছাৰোতেই পুনৰ কেশৱ ভঁৰালী নামৰ লোকজনে আহি একো সোধ-পোচ নকৰাকৈ সাংবাদিকজনক পিছফালৰ পৰা আক্ৰমণ কৰে । বৰ্তমান আঘাতপ্ৰাপ্ত সাংবাদিকজন ধিং F.R.U.ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন অৱস্থাতেই আমাক জানিবলৈ দিয়ে যে কেশৱ ভঁৰালী নামৰ লোকজনে জানি-শুনিয়েই তেওঁৰ ওপৰত আক্ৰমণ কৰে বুলি ।

স্থানীয় লোকৰ ব্যক্তব্য অনুসৰি দীপজ্যোতি কাকতি অঞ্চলটোৰ প্ৰায়বোৰ সামাজিক কামতেই জড়িত । যুৱ-সমাজকৰ্মী বুলি অঞ্চলটোত আছে দীপজ্যোতি কাকতিৰ সুকীয়া সমাদৰ । শান্তিপ্ৰিয় যুৱ সাংবাদিকজনে স্বাভাৱিকতেই অঞ্চলটোৰ এটা মূৰত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিটোৰ অৱসান ঘটাবলৈ যতপৰোনাস্তি চেষ্টা কৰিছিল।কিন্তু অতি পৰিতাপৰ বিষয় যে কেশৱ ভৰালীয়ে দীপজ্যোতি কাকতিক প্ৰহাৰ কৰি অঞ্চলকবাসীক আজি লজ্জানত কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি দীপজ্যোতি কাকতিৰ লগত কেশৱ ভৰালীৰ পূৰ্বৰ পৰাই ব্যক্তিগত সংঘাত থকা বুলিও অভিযোগ উঠিছে। বিগত মাহবোৰত অসমত ঘটি যোৱা মবলিচিং ঘটনাবোৰত ধৃত ব্যক্তিসকলক সমগ্ৰ অসমবাসী ৰাইজে একে মূখে ধিক্কাৰ দিয়াৰ পাছতো মানুহে কিয় বাৰে বাৰে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটায় সেয়া সঁচাকৈয়ে চিন্তনীয় বিষয়। সাম্প্ৰতিক সময়ত বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিদ-১৯ আৰু বানেও জুৰুলা কৰিছে মানুহক। এই বিভীষিকাময় সময়ত মানুহে মানুহৰ লগত সম্প্ৰীতিৰে সহবাস কৰা উচিত। তাকেই কামনা কৰিছিল দীপজ্যোতি কাকতিয়ে। অঞ্চলবাসীয়ে দ্বীপজ্যোতি কাকতিৰ ন্যায়ৰ বাবে আদালতৰ ওচৰ চাপিব বুলি আমাৰ প্ৰতিবেদকক জানিব দিয়ে।


- বৰঙাবাৰীৰ পৰা জুলফিকাৰ আলীৰ প্ৰতিবেদন টাইমলাইন অসম ।।

4 views0 comments

Comments


OUR PROGRAM
bottom of page