top of page

NHPC লৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক আৱদ্ধ আছুৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

Updated: Jul 9, 2020

At the chink of the lockdown AAsu stopped Nhpc-trucks at dholpur

- opposes by burning tyres - 30 arrested

লকডাউনৰ সুৰুঙা লৈ NHPC লৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক ধলপুৰত আৱদ্ধ আছুৰ।। টায়াৰ জ্বলাই প্ৰতিবাদঃ ৩০ আছু কৰ্মীক গ্ৰেপ্তাৰ।।

লকডাউনৰ সুবিধা বুজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে সামগ্ৰী কঢ়িওৱা নব্বৈ চকীয়া ট্ৰাক গহপুৰ আৰু ধলপুৰত আৱদ্ধ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে ঘূৰাই নিয়াৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা ৬ জুলাইত বিয়লি ৪ বজাত গহপুৰত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাৰ নেতৃত্বত এঘণ্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আৱদ্ধ কৰি ঘূৰাই নিয়াৰ দাবী জনায়। লগে লগে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হয় আৰু আৰক্ষীৰ হস্তক্ষেপত এন.এইচ.পি.চি.লৈ সামগ্ৰী কঢ়িওৱা গাড়ীখন যাবলৈ দিয়া হয়। ইপিনে, ধলপুৰত সন্ধিয়া উক্ত ট্ৰাক আৱদ্ধ কৰি আছুৰ বিষয়-ববীয়াসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰি এন.এইচ.পি.চি. অভিমুখী ট্ৰাকখন আৱদ্ধ কৰে। লখিমপুৰ জিলা ছাত্ৰসন্থাৰ উপ-সভাপতি মৃদুল দাসৰ নেতৃত্বত ধলপুৰ আঞ্চলিকৰ সভাপতি তপোবন বৰা, সম্পাদক উজ্জ্বল বৰা, নাৰায়ণপুৰ আঞ্চলিকৰ উপদেষ্টা ক্ষীৰোদ দুৱৰা, জোতিময় হাজৰিকা, নৱজ্যোতি বৰা, সভাপতি ৰাজদীপ গগৈ, শিমলুগুৰি আঞ্চলিকৰ সভাপতি জান বৰুৱা, পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ শইকীয়া আদি একাংশ কৰ্মী তথা বিষয়ববীয়াই 'অসমীয়াৰ আবেগ-অনুভূতি বুজি নোপোৱা কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, জাতিদ্ৰোহী বিজেপি চৰকাৰ দেই দেই দেই দেই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়' আদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। পৰৱৰ্তী সময়ত ধলপুৰ, শিমলুগুৰি, নাৰায়ণপুৰ আৰু বিহপুৰীয়া আৰক্ষীয়ে আছুৰ ৩০ গৰাকী বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰি এঘণ্টাৰ পিছতে মুকলি কৰি দিয়ে। উল্লেখ্য, অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহ বৃহৎ নদীবান্ধে ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ জিলাবাসীৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে।


নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন,

টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page