top of page

karbi anlong autonomous council turn into covid-19 hotspot

Writer: Timeline AsomTimeline Asom

four executive member are found covid positive along with chief executive member Tuliram Ronghang,his wife Kache Teronpi and son Chhengkan Ronhang.


কৰ'ণা সংক্ৰমণৰ হটস্পটত পৰিণত কাৰ্বি আংলং স্বায়ত্ত পৰিষদ ।। ৪গৰাকী কাৰ্যবাহী সদস্যৰ উপৰি কৰ'ণাত আক্ৰান্ত হৈছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী কাচে তেৰণপী আৰু পুত্ৰ ছেংকান ৰংহাং ‌।।


কাৰ্বিআংলং স্বায়ত্ব পৰিষদখনৰ কাৰ্যবাহী সদস্য ক্ৰমে অমৰছিং তিছ', ৰূপছিং তেৰণ, এম এ চি ৰামছিং তিমুঙৰ শৰীৰত কভিড-১৯ পজিটিভ ধৰা পৰিছে ।।

শনিবাৰে পৰিষদখনৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ শৰীৰত ধৰা পৰিছিল কৰ'ণাৰ সংক্ৰমণ ।।

পৰিষদৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক (পাৰ্বত্য)ৰামছিং হাঞ্চেও আক্ৰান্ত হৈছিল কৰ'ণাত ।।

কালি ফলাফল অহা আটাইকেইগৰাকী কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ সংস্পৰ্শলৈ অহা লোক ।।

পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ক'ভিড ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ।।

সাংসদ হৰেণছিং বে'ৰ ফলাফলো নিগেটিভ ।।

পৰিষদখনৰ ৪গৰাকীকৈ কাৰ্যবাহী সদস্য কৰ'ণা আক্ৰান্ত হোৱাত স্বাভাৱিকতে পাহাৰীয়া জিলাখনত হাহাকাৰ লাগিছে ।।

ফলত ডিফু চহৰৰ সাধাৰণ ৰাইজে প্ৰশাসনক কঠোৰ লকডাউনৰ ব্যৱস্থাপনা ল'বলৈ অাহ্বান জনাইছে।।


বোকাজানৰ পৰা সমিক্ষা মহন্তৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comentarios


OUR PROGRAM
bottom of page