top of page

Gohpur Minor Girls Rappist Arrested

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 7, 2020
  • 1 min read

প্ৰথমে ধৰ্ষণ, তাৰ পিছত ধৰ্ষণৰ ভিডিঅ



প্ৰথমে ধৰ্ষণ, তাৰ পিছত ধৰ্ষণৰ ভিডিঅ' দেখুৱাই দুই কিশোৰীক একপ্ৰকাৰে দেহ ব্যৱসায়ত লিপ্ত কৰা মাষ্টাৰমাইণ্ডসহ আন চাৰিটা লম্পট অৱশেষত জালত পৰিল আৰক্ষীৰ । হেলেম-কাৰিবিলৰ দুই আদিবাসী কিশোৰীৰ অশ্লীল ভিডিঅ' তৈয়াৰ কৰি দেহ ব্যৱসায়ত লিপ্ত কৰাৰ অভিযোগত হেলেম আৰক্ষীৰ জালত পৰে এটা ৱেব চেনেলৰ সাংবাদিকৰ লগতে অন্য চাৰিটা লম্পত। নিজকে এটা ৱেব পৰ্টেলৰ সাংবাদিকৰূপে পৰিচয় দিয়া প্ৰণৱজ্যোতি পাটগিৰি নামৰ লম্পটটোৰ কু-কীৰ্তিৰ কথা পোহৰলৈ আহিল শনিবাৰে। ভূক্তভোগী কিশোৰী দুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হেলেম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সাংবাদিক বুলি পৰিচয় দিয়া প্ৰনৱজ্যোতি পাটগিৰিৰ লগতে উক্ত জঘন্য কাণ্ডত জড়িত চনু আগৰৱালা, সঞ্জীৱ ফুকন, দীপক গুৰুং আৰু ৰাকেশ পায়েং নামৰ লম্পতক। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকো হেলেম আৰক্ষী থানাত উপস্থিত হ'ল উক্ত জঘন্য কাণ্ডৰ তদন্তৰ বাবে। আৰক্ষীৰ তদন্তত ইতিমধ্যে দোষী সাব্যস্ত হোৱা পাঁচটাকৈ লম্পটক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ লগতে অসম আদিবাসী ছাত্ৰসন্থাৰ গহপুৰ শাখা সমিতিয়ে।


বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page