top of page
  • Writer's pictureTimeline Asom

Farmers : Essential commodities ammendment bill

কৃষি আইন সংশোধনী সম্পৰ্কীয় বিধেয়ক : কি আছে ভিতৰচৰাত?

লেখক : মৃদুল বড়া


বিৰোধীপক্ষৰ তীব্ৰ বিৰোধিতা স্বত্বেও সংসদত কৃষি আইন সংশোধনী সম্পৰ্কীয় ৩খন বিধেয়ক গৃহীত হ'ল । ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে এইকেইখন আইনত পৰিণত হ'ল । কৃষি আৰু বানিজ্য এই বিষয় দুটা ৰাজ্য তালিকাৰ অন্তৰ্ভুক্ত যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ লগত কোনো আলোচনাই নকৰিলে ।

ইতিমধ্যে এই বিধেয়কৰ প্ৰতিবাদত NDA ৰ সহযোগী শিৰোমণি আকালী দলে চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছে । খাদ্য প্ৰসাধন মন্ত্ৰী হৰছিমৰাত কৌৰ বাদলে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে । পঞ্জাৱ , হাৰিয়ানা কৰ্ণাটক আদি ৰাজ্যত তীব্ৰ কৃষক বিক্ষোভ হৈছে । ক্ৰমাৎ এই বিক্ষোভ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ বিয়পি পৰিছে । দেশৰ আঢ়ৈ শতকৈও অধিক শ্ৰমিক কৃষক সংগঠনে এই আন্দোলনলৈ সমৰ্থন আগ বঢ়াইছে । তেওঁলোকে ঐক্যবদ্ধ হৈ সৰ্বভাৰতীয় প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে আৰু ভবিষ্যত আন্দোলনৰ কৰ্মসূচী তৈয়াৰ কৰিছে । যিকোনো মুহুৰ্তত এই সন্মিলিত কৃষক-শ্ৰমিক আন্দোলনে সাধাৰণ ধৰ্মঘটৰ পৰ্যায়লৈ গতি কৰা সম্ভাৱনাই দেখা দিছে ।


বিতৰ্কিত সংশোধনী বিধেয়ক কেইখন

=======

1. Farmers produce trade & commerce

(Promotion & facilitation ) Bill

2. Farmers agreement

(empowerment &protection ) of price

assurance & farm services

3 Essential commodities ammendment bill

======

.

Farmers produce trade & commerce Bill

(কৃষি সামগ্ৰী ব্যৱসায় আৰু বানিজ্য বিধেয়ক)

======

ভাৰতবৰ্ষৰ কৃষি বজাৰ ঘাইকৈ নিয়ন্ত্ৰণ কৰে

Agriculture produce marketing committee (APMC) অৰ্থাৎ কৃষি বিপণন নিগম সমূহে । APMC ৰ বিধিমতে ---

* কৃষি সামগ্ৰীৰ পাইকাৰী বজাৰ চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া বিশেষ বজাৰ এলেকাত (Mandis) হে অনুষ্ঠিত কৰিব লাগিব । তাৰ বাহিৰত পাইকাৰী ভাবে কৃষি সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰি ।

* চৰকাৰী বা বেচৰকাৰী এজেণ্ট বা ট্ৰেডাৰ সকলেহে এই বজাৰৰ পৰা সামগ্ৰী কিনিব পাৰে ।

* Auction (নিলাম ) ৰ যোগেদিহে সামগ্ৰী ক্ৰয় বিক্ৰয় হয় । যি পাৰ্টী বা ক্ৰেতাই আটাইতকৈ বেছি দাম দিয়ে সেই ক্ৰেতাক কৃষকে সামগ্ৰী বিক্ৰী কৰে ।

* নিলামৰ সময়ত ক্ৰেতাই কৃষিজাত সামগ্ৰীৰ ন্যুনতম সমৰ্থন মূল্য (Minimum Support Price) ৰ তলত দাম মাতিব নোৱাৰে । MSP মানে কোনো ফচল উৎপাদন কৰিবলৈ যিমান খৰচ হয় তাতকৈ বেছি ।

* ন্যুনতম সমৰ্থন মূল্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়ে ।

* পাইকাৰী ব্যৱসায়ী সকলে trade licence লোৱাতো বাধ্যতামূলক ।

* গ্ৰাহকে বজাৰৰ নিৰ্দ্ধাৰিত মাচুল, ক্ৰয় কৰা সামগ্ৰীৰ ওপৰত কৰ বা লেভি আদি চৰকাৰক পৰিশোধ কৰিব লাগে ।

নতুনকৈ অনা সংশোধনী বিলেএই বিধি সমূহ নাইকিয়া কৰি অবাধ কৃষি বানিজ্যৰ দুৱাৰ মুকলি কৰিব । APMCক কাৰ্যত ক্ষমতাহীন কৰিব ।

অৰ্থাৎ এতিয়াৰ পৰা APMC য়ে বান্ধি দিয়া বজাৰ এলেকাৰ (mandis ) বাহিৰেও বিভিন্ন ঠাইত, বেচৰকাৰী বজাৰত বা দেশৰ যিকোনো ঠাইত এই পাইকাৰী ব্যৱসায় কৰিব পাৰিব। trade licence ৰ কোনো প্ৰয়োজন নহব । ন্যুনতম সমৰ্থন মূল্যৰো কোনো বাধ্যবাধকতা নাথাকিব । কৃষি ব্যৱসায়ী সকলে Syndicate ৰ সহায়ত নিজৰ ইচ্ছামতে দাম মাতিব পাৰিব । ফলত কৃষকসকল লাভজনক দামৰ পৰা বঞ্চিত হব । বহু সময়ত তেওঁলোকে উৎপাদন খৰচৰ তলতো কৃষিজাত ফচল বিক্ৰী কৰিবলৈ বাধ্য হব । ৰাজ্য চৰকাৰেও কৃষি বজাৰৰ পৰা পাবলগীয়া ৰাজহ হেৰুৱাব । ফলত মাত্ৰ কৰ্পৰেট গোষ্ঠীহে লাভবান হব । টেক্স, লেভি

লাইচেঞ্চ, msp আদি বাধ্যবাধকতা থকা বাবে বেচৰকাৰী কোনো সংস্থা চৰকাৰী বজাৰলৈ নাযাব ।ক্ৰেতাৰ অভাৱত চৰকাৰী বজাৰৰ বিলুপ্তি ঘটিব ।


Farmers agreement of price assurance

(কৃষি সামগ্ৰী বিক্ৰীমূল্য নিশ্চিতকৰণ বিধেয়ক)

=======

It creates a framework for contract farming throw an agreement between farmers and a buyer prior to the production .

অৰ্থাৎ উৎপাদনৰ আগতেই কৃষক আৰু ক্ৰেতাৰ মাজত হোৱা এক চুক্তিৰ জৰিয়তে ,কৃষি সামগ্ৰীৰ দাম ,উৎপাদন হবলগীয়া শস্যৰ পৰিমান আৰু ফচলৰ নিৰ্দিষ্ট মানদণ্ড(standard) লিপিবদ্ধ থাকিব । কৃষি ফাৰ্মৰ বাবে প্ৰয়োজনীয় বীজ, সাৰ ,কীটনাশক দৰৱ, প্ৰযুক্তি আদি ক্ৰেতা সংস্থাই যোগান ধৰিব আৰু এই খৰচ কৃষকে পাবলগীয়া দামৰ পৰা বাদ পৰিব । নিৰ্দ্ধাৰিত পৰিমানৰ ফচল উৎপাদন নহলে বা শস্যৰ গুনগত মান উন্নত নহলে বিক্ৰেতা জগৰীয়া হব । আনকি চুক্তি বাতিল পৰ্যন্ত হব পাৰে । বিক্ৰেতা কৃষকে অন্য প্ৰতিস্থানক সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব । বিক্ৰীৰ সময়ত বজাৰত দাম বেছি থাকিলেও কৃষকে সেই দাম নাপাব । এই চুক্তিৰ ম্যাদ সৰ্বনিম্ন এক শস্যৰ বতৰ ( one crop season ) আৰু সৰ্বোচ্চ ৫বছৰ । ব্ৰয়লাৰ মূৰ্গীৰ ফাৰ্মৰ যি নীতি সেই নিয়মৰ লগত এই চুক্তিৰ বহু সাদৃশ্য আছে ।


Essential Commodities ammendment Bill

(অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন)

=========

অতি আৱশ্যকীয় সামগ্ৰীসমূহৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি অসাধু ব্যৱসায়ীয়ে যাতে বস্তুৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ১৯৫৫ চনত Essential commodities Act গ্ৰহণ কৰা হৈছিল । এই আইনে অত্যাৱশ্যকীয় সামগ্ৰী মজুতৰ সৰ্বোচ্চ সীমা বান্ধি দিছে । মজুতকাৰীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰিব । চৰকাৰে এই সামগ্ৰী সমূহৰ MRP বান্ধি দিব পাৰিব । এই নিয়ম ভংগ কৰিলে আইনমতে দণ্ডনীয় হব । এই আইনে সামৰি লোৱা অত্যাৱশ্যকীয় সামগ্ৰী সমূহ হ'ল -

ঔষধ , সাৰ , বিভিন্ন খাদ্য সামগ্ৰী ,পেট্ৰল কেৰাচিন ডিজেল , বিভিন্ন বীজ , কপাহ মৰাপাট আদি ।

সংশোধনীৰ পিচত এতিয়া চাউল ,দালি,আটা, আলু ,পিয়াজ ,তেল, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত নাথাকিব । ফলত অসাধু ব্যৱসায়ীয়ে শস্য চপোৱাৰ সময়তে কম দামত এইবোৰ কিনি বৃহৎ পৰিমানে মজুত কৰিব পাৰিব । পৰবৰ্তী সময়ত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি বজাৰত অত্যধিক দামত বেচিব পাৰিব । আলু পিয়াজৰ দাম কেজি ২/ ৩শ টকা হলেও আইনমতে দণ্ডনীয় নহব । আনহাতে বেছি দাম পালে কৰ্পৰেট গোষ্ঠীয়ে বাধাহীন ভাবে এইবোৰ সামগ্ৰী বিদেশলৈও ৰপ্তানি কৰিবপাৰিব । ফলত নিজৰ দেশত খাদ্য সংকতে দেখা দিলেও তেওঁলোক জগৰীয়া নহব ।


সাৰাংশ ---

উপৰোক্ত সংশোধনী আইনৰ ফলত সমগ্ৰ কৃষক সমাজ কৃষিজাত ফচলৰ লাভজনক দামৰ পৰা বঞ্চিত হব । উপভোক্তা হিচাবে দেশৰ সকলো ৰাইজে খাদ্য সামগ্ৰী অত্যধিক দামত কিনিবলৈ বাধ্য হব । ৰাজ্যচৰকাৰ সমুহ কৃষিপণ্যৰ ৰাজহৰ পৰা বঞ্চিত হব । ৰাজহুৱা খাদ্যৰ ভড়াল ( FCI ) উদং হব । ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পূৰ্ণ ভাঙি পৰিব । আপাতকালীন সময়ত খাদ্যৰ বাবে চৰকাৰ কৰ্পৰেটৰ ওচৰত দুখ লগাকৈ নিৰ্ভৰশীল হব । চৰকাৰৰ ওপৰত কৰ্পৰেটৰ প্ৰভাৱ বৃদ্ধি হব । এনে অৱস্থাই অদূৰ ভবিষ্যতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব । শেষত মাত্ৰ এটা গোষ্ঠীয়ে লাভবান হব আৰু সেইটো হব ক'লা বেপাৰী বৃহৎ কৰ্পৰেট গোষ্ঠী ।

33 views0 comments

Comments


bottom of page