top of page

Environmental Impact Assessment-এ আমাৰ পৰিৱেশৰ প্ৰতি ভাবুকি আনিবনেকি?

Writer: Timeline AsomTimeline Asom


"যোৱা ২৩ মাৰ্চত প্ৰকাশ কৰা আৰু ১১ এপ্ৰিলত ৰাইজৰ মতামতৰ বাবে মুকলি কৰি দিয়া E.I.A.ৰ খচৰাত পৰিৱেশৰ প্ৰতি ভাবুকি অনাৰ বিপৰীতে পুঁজিপতিৰ প্ৰতিহে বিশেষ সহানুভূতিশীল দেখুৱাইছে"--এই মন্তব্য প্ৰকৃতিপ্ৰেমী তথা লেখক নিবিড় অনুৰাগ মানসৰ। তেওঁ কয়-E.I.A. হ'ল কোনো ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপনৰ পূৰ্বে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে মান নিৰূপণ কৰা পদ্ধতি। ইয়াৰ বাবে E.A.C.এ উদ্যোগ স্থাপনৰ ঠাইডোখৰ প্ৰথমে পৰীক্ষা কৰে, তাৰ পিছত ৰিপ'ৰ্ট প্ৰস্তুত কৰি ৰাইজৰ মতামতৰ বাবে মুকলি কৰি দিয়ে । তাৰ পিছত পৰিৱেশ আৰু বন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে। এই তথ্যৰ ওপৰত নিৰ্দ্ধাৰিত স্থানত উদ্যোগ স্থাপনৰ অনুমতি বিবেচনা কৰা হয় । কিন্তু ২০০৬ চনৰ "E.I.A.ৰ সংশোধিত ৰূপ ২০২০" অতিকে শিথিল । সীমান্তৰ পৰা ১০০ কি: মিটাৰৰ ভিতৰত norms অনুসৰণ নকৰাকৈ যিকোনো কাম সম্পন্ন কৰিব পাৰিব। উদ্যোগ স্থাপন কৰিবলৈ বিশেষ norms অনুসৰণ নকৰিলেও হ'ব। norms ভংগ হ'লে এদিনত ২০০০ৰ পৰা ১০,০০০ টকা ফাইন দিলেই হ'ব যিটো উদ্যোগৰ বাবে অতি সামান্য । অট্টালিকা নিৰ্মাণৰ পৰিসৰ ২০,০০০ বৰ্গ মিটাৰৰ পৰা ১,৫০,০০০বৰ্গ মিটাৰলৈ বৃদ্ধি কৰা হ'ব । ফলত পৰিৱেশৰ লগতে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ মাজতো সাংঘাতিক প্ৰভাৱ পৰিব। আমাক বিকাশ লাগে। আমাৰ দেশৰ অৰ্থনীতি প্ৰকৃতি-নিৰ্ভৰ। কিন্তু বহনক্ষম বিকাশৰ ওপৰত প্ৰভাৱ পেলাই কৰা বিকাশকো কোনোপধ্যে মানি ল'ব নোৱাৰি। তাৰ বাবে চৰকাৰে বিকল্প চিন্তা কৰিব পাৰে, যাতে পৰিৱেশ ভাৰাসম্যহীন হৈ নাযায়।

শেষত, তেওঁ সকলোকে আহ্বান জনাই এইদৰে --"অহা ১১ আগষ্টৰ পূৰ্বে বিভাগীয় মেইল ঠিকনাত নিজৰ মতামত প্ৰেৰণ কৰোঁ আহক।

Email Id টো হ'ল-

eia2020-moefcc@gov.in"


ব্যুৰ' ৰিপ'ৰ্ট

টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page