top of page

Electricity on Bambo Pillar in a Village of Dhakuakhana

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 1 min read

ঢকুৱাখনাৰ নৈপৰীয়া অঞ্চলত বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান । ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা ।



দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰৰ পাছতো ঢকুৱাখনা সমষ্টিৰ বহু অঞ্চলত নাই ঘৰে ঘৰে বিদ্যুৎ যোগানৰ সু-ব্যৱস্থা। পূৱ-ঢকুৱাখনা পঞ্চায়তৰ বাহিৰে বান্দেনা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ বাহিৰত বছৰ বছৰ ধৰি বাস কৰি থকা ২৫ঘৰ দৰিদ্ৰলোকৰ গৃহত আজিলৈকে নহ'ল বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি।

ফলত নৈপৰীয়া অঞ্চলটোৰ দুঘৰমানে পকেটৰ টকা ভৰি বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি লয় যদিও বিদ্যুতৰ তাঁৰ বাঁহৰ খুঁটাৰ ওপৰেদি টানি নি ঘৰে ঘৰে সংযোগ কৰাত যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে। উল্লেখ্য যে গাঁওখনৰ ২৫ ঘৰৰ ভিতৰত ৫/৬ ঘৰ মানেহে টকা খৰছ কৰি বাঁহৰ খুঁটাৰে সৰবৰাহ কৰা বিদ্যুতৰ সংযোগ লৈছে যদিও বাকী পৰিয়ালবোৰে ল'ব পৰা নাই সংযোগ। চৰ এলেকাত পৰা অঞ্চলটোৰ লোকসকললৈ সৌৰ-চ'লাৰ আবন্টন কৰাৰ নামত শাসকীয় দলৰ একাংশ স্থানীয় নেতাই টকা সংগ্ৰহ কৰি নিছিল যদিও আজিলৈকে যোগান নধৰিলে সৌল-চ'লাৰ।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইম লাইন,অসম

2 comentarios


JTN Teknet Pvt Ltd
JTN Teknet Pvt Ltd
03 jul 2020

Wishing TimeLineAsom a successful journey!

Me gusta

Bubul obak
Bubul obak
03 jul 2020

Gyanashree gogoi

Me gusta
OUR PROGRAM
bottom of page