top of page
  • Writer's pictureTimeline Asom

Diphu Covid 19 Community transmission

ভয়ংকৰ গণ সংক্ৰমণৰ দিশে ডিফু



কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ পৰা গণ সংক্ৰমণৰ আশংকা বৃদ্ধি ।

ৰংপিৰ পিছত কৰ'ণাত আক্ৰান্ত হৈছে পৰিষদৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক (পাৰ্বত্য) ৰামছিং হাঞ্চে ।

কালি অসুস্থ হৈ পৰা বিষয়াগৰাকীক DMCH ৰ মেডিচিন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল ।

নিশা স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰেৰণ কৰা হয় GMCH লৈ ।

নিশাই বিষয়াগৰাকীৰ ক'ভিড ১৯ৰ ফলাফল পজিটিভ আহে ।

এই খবৰে হাহাকাৰ সৃষ্টি কৰে DMCH ৰ মেডিচিন ৱাৰ্ডৰ ৰোগীৰ লগতে চিকিৎসক-নাৰ্চৰ মাজত ।

নিশাই স্বাৱ সংগ্ৰহ কৰা হয় চিকিৎসক-নাৰ্চৰ ।

যোৱা বুধবাৰে কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ সংস্পৰ্শলৈ আহিছিল ৰামছিং হাঞ্চে ।

পৰিষদৰ কাৰ্যবাহী সমিতিৰ বৈঠকতো উপস্থিত আছিল কৃষি বিষয়াগৰাকী ।

কিছুদিন পূৰ্বে বিভাগীয় সকলো বিষয়াৰ উপস্থিতিত অনুস্থিত এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰিছিল হাঞ্চেই ।

কাৰ্যবাহী সদস্য কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে কাৰ্বি স্বায়ত্ত পৰিষদৰ কেইবাগৰাকী সচিব, যুটীয়া সচিব, উপ-সচিব, বিষয়া আৰু ব্যক্তিগত সহায়কক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে ।

আনহাতে পৰিষদ সচিবালয় ২দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ।

আজি পৰিষদ সচিবালয়ৰ চৌহদ সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হয় ।

কালিৰে পৰা পৰিষদৰ আটাইকেইগৰাকী কাৰ্যবাহী সদস্য আৰু এম.এ.চি. হোম কোৱাৰেণ্টাইনত ৰখাৰ উপৰি আটাইকেগৰাকীৰে স্বাৱ সংগ্ৰহ কৰা হয় ।

পৰিষদৰ কাৰ্যবাহী সদস্য আৰু কৃষি বিষয়াগৰাকীৰ কভিড ১৯ৰ পজিটিভ ফলাফলে সমগ্ৰ পাৰ্বত্য জিলাখনতে আতংকৰ সৃষ্টি কৰিছে ।


বোকাজানৰ পৰা সমিক্ষা মহন্তৰ প্ৰতিবেদন

Time line অসম ৷

3 views0 comments

Comments


bottom of page