top of page

CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত

Writer's picture: Timeline AsomTimeline Asom

উজ্বলি উঠিল বিশেষভাৱে সক্ষম ৰুবীনা। জন্মান্ধ হৈও স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ৰুবীনাই ।



"কৃতকাৰ্য হ'বলৈ প্ৰৱল ইচ্ছাশক্তি, মনৰ দৃঢ়তা আৰু অধ্যৱসায়ৰ প্ৰয়োজন।শাৰীৰিক অক্ষমতাই জীৱনত সফলতা অৰ্জনৰ হেঙাৰ হ'ব নোৱাৰে। মই স্বাৱলম্বী হ'ব বিচাৰোঁ।" --এই মন্তব্য মানসিকভাৱে অতি সবল এগৰাকী কিশোৰীৰ।এই পৃথিৱীত শাৰীৰিক অক্ষমসকলেওযে সপোনক বাস্তৱায়িত কৰিব পাৰে তাৰেই সুন্দৰ নিদৰ্শনদাঙি ধৰিছে সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ অধীনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৯০.৬০শতাংশ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ৰুবীনা দেৱীয়ে।মৰিগাঁও জিলাৰ হাবি-বৰঙাবাৰী অঞ্চলৰ বড়িগাঁৱৰএগৰাকী

সচেতন অভিভাৱক

মহেন্দ্ৰ নাথ আৰু অঞ্জনা দেৱীয়ে একমাত্ৰ কন্যা-সন্তান ৰুবীনাক আন দহগৰাকী সক্ষম শিশুৰ দৰেই

জীৱন-যুঁজত সফলতাৰে অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত কৰি এক আদৰ্শ দেখুৱাইছে ।সম্প্ৰতি সমগ্ৰ বিশ্বৰপ্ৰতিটো প্ৰান্তৰতে এনে শত-সহস্ৰ বিশেষভাৱে সক্ষম শিশু, কিশোৰ-কিশোৰীয়ে দুৰ্বিসহ জীৱন সাৱটিবলগীয়া হোৱাৰ নজিৰ আছে। আমাৰ দেশতো এতিয়াও

বিশেষভাৱে সক্ষমসকলক উপযুক্ত মৰ্যাদা-সহকাৰে জীৱন-নিৰ্বাহৰ সুযোগ, সুবিধা প্ৰদান কৰিব পৰা নাই। কেতিয়াবা নিজৰ ঘৰখনতো এলাগী হৈ ভাগ্যৰ বিড়ম্বনা বুলিয়েই জীৱন-যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে । এই জীয়া যন্ত্ৰণাৰ বিপৰীতে একান্ত অধ্যৱসায়ী,

দৃঢ়প্ৰতিজ্ঞ,দূৰদৃষ্টিসম্পন্ন এচাম আদৰ্শ অভিভাৱকে বিশেষভাৱে সক্ষম সন্তানক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ মনোনিৱেশ কৰাতো সঁচাকৈয়ে আদৰণীয়। সমাজত সততে এলাগী বিশেষভাৱে সক্ষমসকলক অভিভাৱকসকলৰ শুভচিন্তনে জীৱন যুঁজৰ সফল সৈনিকৰূপে অচিৰেই প্ৰতিষ্ঠা কৰিব। সমাজত অগ্ৰণী ভূমিকা লোৱা ব্যক্তিসকলৰো এই ক্ষেত্ৰত নিশ্চয়কৈ কৰণীয় থাকিব।


মৰিগাঁওৰ পৰা

ভৱেন চন্দ্ৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম।।

9 views0 comments

Recent Posts

See All

Kommentare


bottom of page