top of page

Breaking News মাজুলীত ভয়ংকৰ ঘটনা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 25, 2020
  • 1 min read

চৰকাৰী গাঁওবুঢ়াক ঘুঁচিয়াই দাঁত ভাঙিলে আৰক্ষীয়ে ।

শুক্ৰবাৰে সংঘটিত মাজুলী আৰক্ষীৰ এক অমানৱীয় কাণ্ডই নামনি মাজুলীত উত্তপ্ত পৰিৱেশৰ সূচনা কৰিছে । ঘটনা অনুসৰি শুক্ৰবাৰে বানাক্ৰান্তৰ খবৰ ল'বলৈ যাওঁতে মলাপিন্ধাৰ লাটৰ গাঁওবুঢ়া ভদ্ৰকান্ত দলেক মুখত মাক্স পৰিধান নকৰাৰ অপৰাধত নামনি মাজুলীৰ গুৱালগাঁও তিনিআলিত বালিচাপৰি আৰক্ষী চকীৰ টহলদাৰী আৰক্ষীৰ লোকে অতি নিৰ্মমভাৱে চৰ, লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ পাছত মুখত কেইবাটাও প্ৰচণ্ড ঘোঁচা মৰাৰ ফলত গাঁওবুঢ়াজনে দুটাকৈ দাঁত হেৰুৱাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগা হয় । আৰক্ষীৰ হাতত প্ৰহৃত গাঁওবুঢ়াজন বহু সময় ৰাস্তাৰ কাষত অচেতন হৈ পৰি থকাৰ পাছত স্থানীয় ৰাইজে গাঁওবুঢ়াজনক চিকিৎসালয়ত ভৰ্ত্তি কৰায়।গাঁওবুঢ়াজনৰ আত্মীয়ই এনে অমানৱীয় কাৰ্যত অতিষ্ঠ হৈ মুকলিকৈ বালিচাপৰি আৰক্ষী চকীলৈ অভিযোগৰ আঙুলি তুলিছে।


আইন সুৰক্ষাৰ নামত চূড়ান্ত পৰ্যায় অতিক্ৰম কৰি নিৰীহক এনেদৰে মাৰ-ধৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা একাংশ আৰক্ষীৰ বিৰুদ্ধে নামনি মাজুলীৰ ৰাইজ গৰজি উঠি পৰিৱেশ উত্তাল কৰি তোলে।


- মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comentários


OUR PROGRAM
bottom of page