Breaking News এক জঘন্য হত্যাকাণ্ড
- Timeline Asom
- Jul 12, 2020
- 1 min read
হোজাই জিলাৰ ডবকাৰ মোৰাঝাৰত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ।

মোৰাঝাৰ থানাৰ অন্তৰ্গত পশ্চিম চামৰআলি গাঁৱত সংঘটিত হয় এই জঘন্য হত্যা কাণ্ডৰ ঘটনা।*
মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবালী গাঁৱৰ এজন যুৱকক অচিনাক্ত দুৰ্বৃত্তৰ দলে অতি নৃশংস ভাৱে ডিঙি কাটি পশ্চিম চামৰআলি গাঁৱৰ এখন খেতি পথাৰত পেলাই থৈ যোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পুৱাই স্থানীয় ৰাইজে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি মৃতদেহটো বৰবালী গাঁৱৰ এনাম উদ্দিন বুলি চিনাক্ত কৰিছে । আনহাতে,স্থানীয় ৰাইজে আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনে কিয় যুৱকজনক হত্যা কৰিলে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ।
_ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন,টাইমলাইন অসম।
Comments