top of page
  • Writer's pictureTimeline Asom

Bokajan Two Naga reporter Arrested.....


বোকাজানত স্বয়ম্ভু সাংবাদিকৰ দপদপনি ৷ নগালেণ্ডৰ ডিমাপুৰৰ সাংবাদিকৰ অসমত ধন দাবী ।

আৰক্ষীৰ হাতত আটক ৱেব পৰ্টেলৰ দুই সাংবাদিক ।




কাঠফুলাৰ দৰে অসমত গঢ় লৈ উঠা বৈধ অবৈধ ৱেব পৰ্টেলৰ একাংশ অৰ্হতাবিহীন সংবাদদাতাই সমগ্ৰ সংবাদ মাধ্যমটোকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈ আহিছে ৷ কাৰ্বি আংলংৰ NEWS 7 NORTH EAST নামৰ এটা ৱেব পৰ্টেলৰ একাংশ সাংবাদিকে বৃহৎ সংখ্যক ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত কালি খটখটী আৰক্ষীয়ে অসম-নগালেণ্ড সীমান্তৰ লাহৰীজানৰ পৰা দাবী কৰা ধন নিবলৈ অহা নগালেণ্ডৰ ডিমাপুৰৰ পুৰণা বজাৰৰ দুই সাংবাদিক ক্ৰমে কিহিট ছ'পি আৰু মিষ্টাৰ হিকা নামৰ দুই সাংবাদিকক আটক কৰে ৷ আৰক্ষীয়ে ধৃত লোক দুজনৰ পৰা উক্ত ৱেব পৰ্টেলটোৰ দুখন পৰিচয় পত্ৰ আৰু দুটা ৱাকি-টকি জব্দ কৰে ৷ ঘটনাৰ বিৱৰণী মতে লাহৰীজানত বীণা দেৱী নামৰ এগৰাকী ৭১ বছৰীয়া মহিলাই ক্ষুদ্ৰ বিপনী এখন দি জীৱন নিৰ্বাহ কৰি আছিল ৷ যোৱা ২২ জুনত নাগালেণ্ডৰ উক্ত সাংবাদিক দুজনে স্থানীয় কেইজনমান যুৱকৰ সৈতে উক্ত দোকানখনলৈ আহি প্ৰথমে লগত লৈ অহা সুৰাপান কৰে বুলি ভূক্তভোগী মহিলা গৰাকীয়ে জানিবলৈ দিয়ে ৷ সুৰাপান কৰাৰ পাছতেই যুৱকৰ দলটোৱে মহিলা গৰাকীক উক্ত স্থানত বিভিন্ন অবৈধ কাৰ্য কৰাৰ অভিযোগ তুলি পাঁচ লাখ টকাৰ ধন দাবী কৰে ৷ উপায়ন্তৰ হৈ বৃদ্ধা মহিলা গৰাকীয়ে দলটোক সেইদিনাই পাঁচ হাজাৰ টকা প্ৰদান কৰে যদিও স্বয়ম্ভু সাংবাদিকৰ দলটোৱে বাকী টকা পাছত দিবলৈ নিৰ্দেশ দি আহে ৷ উপায়বিহীন মহিলা গৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰি খটখটী থানাত এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে কালি দাবী কৰা ধন নিবলৈ অহা অৱস্থাত সাংবাদিক দুজনক আটক কৰে ৷ উল্লেখযোগ্য যে পৰিচয় পত্ৰত কাৰ্বি আংলঙৰ ডিফুত উক্ত ৱেব পৰ্টেলটোৰ কাৰ্যালয় আছে বুলি দেখুৱা হৈছে যদিও প্ৰাৰম্ভিক অনুসন্ধানত সেই পৰ্টেলটোৰ কোনো কাৰ্যালয় ডিফুত নাই বুলি জানিব পৰা গৈছে ৷ আনহাতে ধৃত লোক দুজনক তথাকথিত পৰ্টেলটোৱে নাগালেণ্ডৰ ডিমাপুৰৰ বাবেহে ক্ৰমে সংবাদদাতা আৰু কেমেৰামেন হিচাপে নিযুক্তি দিয়া দেখুৱা হৈছে যদিও অসমৰ লাহৰীজানত কি সাহসত ধন দাবী কৰিবলৈ সক্ষম হৈছে সেয়া বিচাৰ্যৰ বিষয় ৷ সংবাদ মাধ্যমক ব্যৱহাৰ কৰি এইদৰে একাংশ স্বয়ম্ভু সাংবাদিকে বাতৰি এটাও পৰিৱেশন নকৰি ধনদাবী কাৰ্যত নামি পৰাত সচেতন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে ৷ সম্প্ৰতি খটখটী আৰক্ষীয়ে ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি অনুসন্ধান অব্যাহত ৰাখিছে৷


বোকাজানৰ পৰা সমিক্ষা মহন্তৰ প্ৰতিবেদন

Time line অসম ৷

3 views0 comments

Comentários


OUR PROGRAM
bottom of page