top of page
  • Writer's pictureTimeline Asom

Batadrava Social Distancing Violation.

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ প্ৰবেশ পথৰ মাছৰ পাইকাৰী বজাৰত বৃহৎ জনসমাগম ৷ ধোঁৱাচাঙত সামাজিক দূৰত্ব ।


বটদ্ৰৱা থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত অৱস্থিত মহাপুৰুষ গুৰুজনাৰ জন্মস্থানৰ প্ৰবেশ পথৰ গাতে লাগি থকা মাছৰ পাইকাৰী বজাৰত নিতৌ পুৱা আৰু বিয়লি বৃহৎ জনসমাগম । লকডাউনৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই এইদৰে জনসমাগমৰ মাজত চলে মাছৰ বজাৰ । নাই কোনো সামাজিক দূৰত্ব, ক্ৰেতা-বিক্ৰেতাই পৰিধান নকৰে মাস্ক । কৰ'নাৰ গণ সংক্ৰমণৰ ভয়ত বটদ্ৰৱা থানলৈ আগমন ঘটা ভকত বৈষ্ণৱসকলৰ মাজত সৃষ্টি হৈছে আতংকৰ । নগাঁও জিলা প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পাছতো বটদ্ৰৱা আৰক্ষীৰ চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত এনেদৰে শ শ লোকৰ জন সমাগমক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইতিমধ্যে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে নগাওঁ জিলা প্ৰশাসনক এই মাছৰ পাইকাৰী বজাৰ সন্দৰ্ভত লিখিত অভিযোগো দাখিল কৰিছে । কিন্তু বটদ্ৰৱা আৰক্ষীয়ে কাৰ স্বাৰ্থত নিতৌ এই বজাৰখন চলিবলৈ সুযোগ দিছে । তাতোকৈ ভয়ংকৰ কথাটো হ'ল এই মাছৰ বজাৰখনৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ত আছে কোৱাৰেণ্টাইন কেম্প । তাৰ পাছতো নিতৌ পুৱা আৰু বিয়লি ব্যৱসায়ীসকলে কেনেকৈ এই বজাৰখন চলাবলৈ সক্ষম হৈছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে ।উল্লেখনীয় যে এপষেক পূৰ্বে বটদ্ৰৱা থানৰ সন্মুখৰ এজন হোটেল ব্যৱসায়ীৰ দেহত কভিড-১৯ ধৰা পৰিছিল । তাৰ পাছতো স্থানীয় প্ৰশাসনে এই মাছৰ বজাৰখন বন্ধ কৰিব নোৱৰাৰ বাবে এক প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'বলগীয়া হ'ব সেইয়া প্ৰায় নিশ্চিত । স্মৰ্তব্য যে বটদ্ৰৱা শান্তিজানৰ মাছৰ এই পাইকাৰী বজাৰখনৰ দুৰ্গন্ধময় পৰিবেশ আৰু কৰ'না আতংকৰ বাবেই থানলৈ অহা তীৰ্থযাত্রীৰ সংখ্যা কমিবলৈ ধৰিছে ।

- বটদ্ৰৱাৰ পৰা পূজাৰ শইকীয়াৰ সহযোগত ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন, টাইমলাইন অসম ।।

4 views0 comments

Comments


bottom of page