top of page

An active racket of bull thieves caught - Here at rajgarh, near arunachal border

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

Updated: Jul 9, 2020

লখিমপুৰত গৰু চৰিচক্ৰ ধৃত ।অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ত এই ঘটনা


লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ত যোৱা নিশা স্থানীয় ৰাইজে এটা বৃহৎ গৰুচুৰী চক্ৰ ধৰিবলৈ সক্ষম হয় ।

১১টাকৈ চুৰি গৰু গাড়ীত উঠাবলৈ লওঁতেই ৰাইজে আৱদ্ধ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

নিশা ১০ মান বজাত ৰাজগড় দলঙৰ সমীপত এ এছ ০৭ এ চি ২৪২২ নম্বৰৰ বলেৰ' পিক্আপ গাড়ীখনত গৰু উঠাই থকাৰ দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰি চুৰি গৰুৰ সন্দেহত হুলস্থুল কৰাত সকলো কথা পোহৰলৈ আহে । ১১ টাকৈ গৰু আনন্দ চাহ বাগানৰ মাজত লুকুৱাই গাড়ীত উঠাই নিবলৈ লওঁতে ৰাইজে আৱদ্ধ কৰি চুৰি কাৰ্যৰ লগত জড়িত গাড়ীখনৰ চালক বগীনদী পি জি আৰ নিবাসী প্ৰয়াত নুৰ মহম্মদৰ পুত্ৰ ছফিকুল ইছলামক আটক কৰিবলৈ সক্ষম হয় যদিও চুৰি কাৰ্যৰ মূল মাষ্টাৰ মাইণ্ড কদমৰ হজৰত আলীৰ পুত্ৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

অন্য দুজন ৰাজগড়ৰে পিংকু বৰা আৰু তেওঁৰ ভাতৃ জয়ন্ত বৰা পলাই সাৰিবলৈ সক্ষম হয় ।

ৰাইজে ঘটনা সন্দৰ্ভত চাউলধোৱা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে নিশা ১২ মান বজাত চুৰি কাৰ্যত ব্যৱহাৰ কৰা গাড়ী, গৰু কেইটা আৰু চুৰি কাৰ্যত জড়িত চালক ছফিকুল ইছলামক আৰক্ষী চকীলৈ লৈ আহে ।

চুৰি কাৰ্যৰ অন্যতম মাষ্টাৰমাইণ্ড ৰাজগড় নিবাসী প্ৰয়াত মাখন বৰাৰ পুত্ৰ পিংকু বৰা আৰু জয়ন্ত বৰা পলায়ন কৰাত ৰাইজৰ অভিযোগত তেওঁৰ দুই সহোদৰ ভাতৃ জিন্টু বৰা আৰু ৰিন্টু বৰাক আটক কৰি আৰক্ষী চকীলৈ আনে ।

আজি পুৱাৰে পৰা গৰুৰ প্ৰকৃত গৰাকী আৰু শতাধিক ৰাইজে চুৰি কাৰ্যত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীৰে আৰক্ষী চকীত অৱস্থান কৰে ।

গৰুবোৰৰ গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত চাউলধোৱা আৰক্ষীয়ে চুৰিকাৰ্যৰ মাষ্টাৰমাইণ্ড ছফিকুল ইছলাম, পিংকু বৰা আৰু জয়ন্ত বৰাৰ সন্ধান অব্যাহত ৰাখিছে।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইম লাইন অসম ।

Comments


OUR PROGRAM
bottom of page