top of page
  • Writer's pictureTimeline Asom

A letter to respected Chief Minister from the writers society of Assam

Updated: Jul 13, 2020

মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অসমৰ লেখক সমাজৰ তৰফৰ পৰা মুকলি চিঠি

(file PHOTO)

কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলৰ বিনাচৰ্তে মুক্তিৰ দাবীত অসমৰ নবীন-প্ৰবীণ লেখক সমাজৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ মুকলি চিঠি:


প্ৰতি,

সৰ্বানন্দ সোণোৱাল

মাননীয় মুখ্যমন্ত্ৰী, অসম


মহোদয়,

সম্ভাষণ গ্ৰহণ কৰিব। ক'ভিড-১৯ মহামাৰীৰ ভয়ংকৰ সৰ্বগ্ৰাসী প্ৰভাৱ আৰু ইয়াৰ বিৰুদ্ধে অসম চৰকাৰৰ সমৰ্পিত যুঁজ আমি মনোযোগেৰে লক্ষ্য কৰি আছোঁ তথা সমাজৰ এক সচেতন অংশৰ প্ৰতিনিধিত্বকাৰী হিচাপে আপোনালোকৰ তৎপৰতাৰ শলাগ লৈছোঁ। কিন্তু একেসময়তে আমি উদ্বিগ্নতাৰে এয়াও লক্ষ্য কৰিছোঁ যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত নেতৃত্ব দি কাৰাবাস খটা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ,তেওঁৰ তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ- মহামাৰীৰ এই দুৰ্যোগৰ সময়তো কাৰাবন্দী হৈ আছে। একেদৰে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি দিল্লীত কাৰাবন্দী হৈ আছে অসমৰ জীয়ৰী দেৱাংগনা কলিতা। শেহতীয়াকৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ মাজেৰে প্ৰাপ্ত খবৰমতে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ শৰীৰত ক'ভিড -১৯ ৰ ফলাফল পজিটিভ আহিছে। অখিল গগৈৰ স্বাৱৰ ফলাফল এতিয়ালৈ নিশ্চিতভাৱে গম নাপালেও তেওঁৰো যে আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেয়া যিকোনো সচেতন মানুহেই বুজিব পাৰিব। এই সকলোবোৰ দেখি বুজি আমি অত্যন্ত আক্ষেপেৰে অনুভৱ কৰিছোঁ যে, তেওঁলোক সঁচা অৰ্থত অন্যায়-বৈষম্যৰ বলি হৈছে। একে সময়তে উপযুক্ত চিকিৎসা ক্ষিপ্ৰ গতিত নোপোৱা, আদালত আৰু ৰাইজৰ দাবীতহে ক'ভিড পৰীক্ষা কৰোৱাৰ দৰে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক বন্দীৰ সাংবিধানিক অধিকাৰ তথা মানৱ অধিকাৰৰ বুনিয়াদী চৰ্তবোৰ বিপন্ন হোৱা বুলি আমি উপলব্ধি কৰিছোঁ। এই মহামাৰী আতংক আৰু বিভীষিকাৰ সময়ত তেওঁলোকে সাধাৰণ মানৱীয় অনুকম্পাৰ পৰাও বঞ্চিত হোৱাটো নিশ্চয় এখন গণতান্ত্ৰিক দেশত পৰিতাপৰ কথা। তেওঁলোকৰ এনে অৱস্থাই আমাৰ মনলৈ প্ৰশ্ন আনিছে- ৰাজ্যৰ নাগৰিক সমাজে আপোনাক গণতান্ত্ৰিকভাৱে নেতৃত্বলৈ আনিছিল। তেনেক্ষেত্ৰত, ভাৰতীয় সংবিধানে সকলো নাগৰিককে প্ৰদান কৰা মৌলিক নাগৰিক অধিকাৰসমূহ ৰক্ষা কৰাটো আপোনাৰ নৈতিক দায়িত্ব নহয় নে? নিজৰ জাতিক ভাল পাই কা-বিৰোধী আন্দোলন কৰি কাৰাবন্দী হোৱা মানুহবোৰ এই দেশৰেই নাগৰিক নহয় জানো?


বৰ্তমানৰ সময়ে, বিশেষকৈ ক'ভিড-১৯ মহামাৰীয়ে আমাক এক জটিল সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক সন্ধিক্ষণত উপনীত কৰাইছে। সেইবাবেই, এই জটিল সময়ক মনত ৰাখি নিম্নল্লিখিত স্বাক্ষৰকাৰী সকলে আপোনাৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ দাবী আগবঢ়াব বিচাৰিছে-

• অখিল গগৈক বিনাচৰ্তত মুকলি কৰি দিব লাগে। লগতে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ, দেৱাংগনা কলিতাকে ধৰি কা-বিৰোধী আন্দোলনত ভাগ লোৱা আটাইৰে ওপৰত ভাৰত চৰকাৰ তথা অসম আৰক্ষীৰ বিভিন্ন থানাই জাপি দিয়া গোচৰ সমূহ অনতি পলমে উঠাই লৈ তেওঁলোককো বিনাচৰ্তত মুকলি কৰি দিব লাগে।


• কা-বিৰোধী আন্দোলনৰ সকলো ৰাজনৈতিক বন্দীৰ তাৎক্ষণিকভাৱে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।


• ক'ভিডৰ ফলাফল পজিটিভ পোৱা বন্দীসকলৰ সংস্পৰ্শলৈ অহা সকলো বন্দীৰ জৰুৰী স্বাস্থ্য পৰীক্ষা আৰু ৰোগীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা তথা প্ৰতিজন কাৰাবন্দীয়ে পাবলগীয়া অধিকাৰ সুনিশ্চিত কৰিব লাগে।


আশা কৰো- অসমৰ লেখক সমাজৰ প্ৰতিনিধিসকলৰ অনুৰোধ বুলি আমাৰ এই পত্ৰক বিবেচনা কৰি আপুনি মানৱ অধিকাৰ আৰু সাংবিধানিক অধিকাৰৰ পক্ষত থাকি উপযুক্ত সিদ্ধান্ত লব। প্ৰক্ৰিয়াটো বৰ্তমান ন্যায়ালয়ৰ বিচাৰাধীন হৈ থাকিলেও জাতিক ভালপোৱা অসমীয়া ডেকা-গাভৰুৰ মুক্তিৰ সিদ্ধান্তত আপুনি দেখুৱাব পৰা ইতিবাচক সক্ৰিয়তাই আপোনাৰ এতিয়াও অটুট থকা জাতীয় দায়ৱদ্ধতাকেই প্ৰতীয়মান কৰিব বুলি আমি আশা কৰোঁ ।


ধন্যবাদেৰে-


নীলমণি ফুকন, হীৰেন গোহাঁই, অপূৰ্ব শৰ্মা, প্ৰভাত বৰা, জ্ঞান পূজাৰী, নবীন বৰুৱা, আনিছ উজ জামান, ৰাণী গোহাঁই, অনুপমা দাস, দেৱব্ৰত দাস, অৰূপা পটংগীয়া কলিতা, সমীৰ তাঁতী, ৰাজেন কলিতা, শিৱানন্দ কাকতি, প্ৰয়াগ শইকীয়া, ৰূপকৃষ্ণ পাটৰ, মনজিৎ সিং, প্ৰেম নাৰায়ণ নাথ, বীৰেন গগৈ, বন্তি শেনচোৱা, কমল শইকীয়া, নীলিম কুমাৰ, নীলিমা ঠাকুৰীয়া হক, প্ৰদীপ শইকীয়া, মনোৰম গগৈ, এম কামালুদ্দিন আহমেদ, প্ৰণয় ফুকন, অজিত গগৈ, গংগামোহন মিলি, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, বিনয় কুমাৰ মজুমদাৰ, নিৰোদ গোহাঁই, অজিত ছিংনাৰ, ভৱ প্ৰসাদ দেউৰী ,জীৱন নৰহ, পল্লৱী বুজৰ বৰুৱা, জয়সিং টকবি, ৰত্না ভৰালী তালুকদাৰ, মৃদুল শৰ্মা, বিমান দলে, কুশল দত্ত, মৌচুমী কন্দলী, অৰিন্দম বৰকটকী, ৰশ্মিৰেখা বৰা, ধৰণী লাহন, মনালিছা শইকীয়া ,অৰবিন্দ ৰাজখোৱা ,জিতেন বেজবৰুৱা, আৰুণি কাশ্যপ, অজিত ভৰালী, স্বামিম নাচৰিন, দেৱভূষণ বৰা, উজ্জ্বল পাওগাম,মিলন নেওগ,সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, বৰ্ণালী বুঢ়াগোহাঁই, হৰিপ্ৰিয়া চৈবাম, ডালিম দাস, কমল কুমাৰ তাঁতী, বিপাশা বৰা, দিব্যজ্যোতি বৰা, সমুদ্ৰ কাজল শইকীয়া,চন্দন গোস্বামী, গায়ত্ৰী দলে,অলকেশ কলিতা,ডেনী গাম,মৃদুল হালৈ ,সঞ্জু বৰা ,দ্বিজেন কুমাৰ দাস,সৃষ্টি শ্ৰেয়ম ,চন্দনা বৰ্মন ,প্ৰশান্ত ৰাভা, দিগন্ত শইকীয়া,অনুৰাগ শইকীয়া,বিশ্বজিত ডি চেতিয়া, পবিত্ৰ নাথ, ৰশ্মিৰেখা শইকীয়া, নৰেন কুটুম ,কাবেৰী বৰা, বিভাৰাণী তালুকদাৰ, নিবেদিতা ফুকন, সংগীতা মেধি, সুপ্ৰকাশ ভূঞা, ইন্দ্ৰনীল গায়ন, নূপুৰ হাজৰিকা, মৃদুস্মিতা ফুকন, দেৱজ্যোতি বৰা, দেৱাঙ্গ পল্লৱ শইকীয়া, চনম চাংকি দাস, বিৰাজ জ্যোতি কলিতা, অপূৰ্ব জ্যোতি হাজৰিকা, হৰি নাৰায়ণ কলিতা, তৃপ্তি বৰা, অংকিতা মেধি, ৰশ্মিৰেখা সাউদ কলিতা, ৰূপজ্যোতি শৰ্মা, কৌশিক তালুকদাৰ, অভিজিৎ বৰা, টুনুজ্যোতি গগৈ, বাবলু প্ৰসাদ বৰুৱা, জয়ন্ত দত্ত, অজিতাভ হাজৰিকা, অংকুৰ ৰঞ্জন ফুকন, কোকিল শইকীয়া, প্ৰিয়দর্শিকা মেধি, জুৰি বৰুৱা, মৈত্ৰেয়ী পাতৰ, জয়শংকৰ দাস, পঞ্চানন হাজৰিকা, শ্যাম জ্যোতি শইকীয়া, নীলাভ সৌৰভ আৰু মদাৰজ্যোতি।


ব্যুৰ ৰিপৰ্ট, টাইমলাইন অসম

93 views0 comments

Yorumlar


bottom of page