top of page

A Helplessless Family Need Help from Govt.& Other People's

Writer's picture: Timeline AsomTimeline Asom

উন্নত চিকিৎসাৰ অভাৱত দুবছৰে বিছনাতে দিন কটাইছে বিকাশে । কনমাণি দুই সন্তানক লৈ নিৰুপায় পত্নী । অসম চৰকাৰ, স্বাস্থ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ সহায় ভিক্ষা ।।



দুবছৰৰ পূৰ্বলৈকে পত্নী আৰু দুই সন্তানৰ সৈতে অৰুণাচলৰ কিমিনত এটা মটৰ-গেৰেজ খুলি দুহাতেৰে কাম কৰি সুখে-সন্তোষে জীৱন নিৰ্বাহ কৰি থকা ঢকুৱাখনাৰ খামনৰ বিকাশ সোণোৱাল(৩২)ৰ পৰিয়াললৈ এতিয়া নামি আহিছে অমানিশা ।

অৰুণাচলতে এখন গাড়ীৰ তলত সোমাই জেক লগাই ভাল কৰি থকা অৱস্থাতে মটৰ মেকানিক বিকাশ সোণোৱালৰ গাত দুৰ্ঘটনাক্ৰমে খহি পৰে গাড়ীখন। ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা বিকাশ সোণোৱালক লখিমপুৰৰ ৰয়েল হস্পিতেলত ভৰ্ত্তি কৰা হয়। তাত কিছু চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়লৈ নিয়ে ঘৰৰ

মাটি, সা-সম্পত্তি বিক্ৰী কৰি।

ডিব্ৰুগড়ত চলা দীৰ্ঘদিনীয়া চিকিৎসা আৰু বহু টকা খৰছৰ অন্তত বিকাশ কিছু পৰিমাণে সুস্থ হয় যদিও তেওঁৰ ককালৰ পৰা তলৰ অংশ একপ্ৰকাৰ অকামিলা হৈ পৰে। ফলত তেওঁ বহিব,

থিয় দিব নোৱৰাৰ লগতে একো কামেই নিজেই কৰিব নোৱৰা হৈ বিছনাতে দিন কটাবলগা অৱস্থাত পৰে।

ৰাজ্যৰ বাহিৰলৈ নি উন্নত চিকিৎসা কৰিলে বিকাশ সোণোৱালে নিজে চলাচল কৰিব পৰাৰ অৱস্থা পাব বুলি ডিব্ৰুগড়ৰ চিকিৎসকে মন্তব্য কৰিছে যদিও ইতিমধ্যে সাঁচতীয়া সকলো টকা, মাটি-বাৰী, সম্পত্তি যোৱা দুবছৰৰ চিকিৎসাৰ নামত বেচি শেষ কৰাৰ বাবে এতিয়া ৰাজ্যৰ বাহিৰলৈ নি চিকিৎসা কৰাবলৈ অতিকৈ নিৰুপায় হৈ পৰিছে বিকাশৰ পত্নী ।

কনমাণি ল'ৰা-ছোৱালীহালৰ লগতে পত্নীক লৈ অসুখীয়া বিকাশ সোণোৱালে বৰ্তমান থাকিবগৈ লগা হৈছে শহুৰেকৰ ঘৰত। এফালে স্বামী বিকাশক সকলো সময়তে আল-পৈচান ধৰি থাকিব লাগে, আনফালে কনমাণি ল'ৰা-ছোৱালীহালক পোহপাল দিয়াৰ চিন্তা কৰিব লাগে বিকাশৰ পত্নীয়ে। এনে অৱস্থাত বিকাশক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত একেবাৰে নিৰুপায় হৈ পৰা বিকাশৰ পত্নীয়ে এতিয়া স্বামীৰ উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰিছে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ। পৰিয়ালটোক হৃদয়বান কোনোলোকে সহায় আগবঢ়াব খুজিলে-

৬০০৩৯২৮৪১৬ এই ফোন নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰিব । বিকাশ সোণোৱালৰ বেংক একাউন্ট নং-

৩৬০৩৪৩৫১৩৭৪,

আই,এফ,চি,ক'ড-এছ,বি,আই,এন-০০১০৭৬০ ।


ঢকুৱাখনাৰ পৰা

জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইম লাইন,অসম ।।

8 views0 comments

Recent Posts

See All

Comments


bottom of page