top of page

হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিছে অটোমেটিক ছেনিটাইজ মেচিন

  • Writer: The Megon
    The Megon
  • May 6, 2020
  • 2 min read

ree

দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত আনুষ্ঠানিক ভাৱে জিলা উপায়ুক্তই উদ্বোধন কৰিলে অটোমেটিকেলি ছেনিটাইচ মেচিন । হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা ছফিয়ৰ ৰহমান মূগলৰ তত্বাৱধানত টেকনিকেল বিষয়া আকিব সৰকাৰ আৰু ইলিয়াছ ৰহমানে নিৰ্মাণ কৰিছে এই ছেনিটাইচ মেচিন । মনকৰিবলগীয়া কথা যে কৰোনা ভাইৰাচৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে নিজ প্ৰচেষ্টাত নিৰ্মাণ কৰিছে অটোমেটিকেলি ছেনিটাইচ মেচিন । জিলা উপায়ুক্ত আতিকা চুলতানা সাংবাদিকৰ আগত কয় - আমাৰ জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যি অটোমেটিকেলি ছেনিটাইচ মেচিন নিৰ্মাণ কৰিছে সেয়া সচাকৈয়ে প্ৰশংসাৰ বিষয় । কৰোনা ভাইৰাচৰ বিৰুদ্ধে সকলো একগোট হৈ কাম কৰি আছে । আজি তেওঁলোকৰ ফালৰ পৰা কেৱল এটা মেচিন হে নিৰ্মাণ কৰিছে প্ৰয়োজন হলে আৰু কেইবাটাও এনেকুৱা মেচিন নিৰ্মাণ প্ৰস্তুত কৰা হব । ৰাজহুৱা স্থানত এনেকুৱা মেচিন বহুৱাই দিলে আমাৰ জিলা খন আৰু নিৰাপদ থাকিব । হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা ছৰিয়ৰ ৰহমান মূগলে কয় - কৰোনা ভাইৰাচৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি এক প্ৰয়াস কৰিছোঁ । আমাৰ বিভাগৰ পৰা যিমান খিনি কৰিব লগা আছে গোটেই খিনি কৰিম । টেকনিকেল বিষয়া আকিব সৰকাৰে কয় - আমি যি অটোমেটিকেলি ছেনিটাইজ মেচিন প্ৰস্তুত কৰিছোঁ সেয়া এজন মানুহৰ বিপদৰ পৰা বাচিব পাৰিব । ৫ ৰ পৰা ১০ চেকেণ্ডৰ ভিতৰত এজন মানুহক সম্পূৰ্ণ ৰুপে ছেনিটাইজ হব । ইফালে মানকাচৰৰ আৰক্ষী থানাত স্হাপন কৰিলে ছেনিটাইজৰ মেছিন । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ মানকাচৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত মানকাচৰ থানা চৌহদ আজি ৰাতিপুৱা ১১.৩০ বজাত মানকাচৰ এ এ লতিফ ছোৱালী বিদ্যালয় প্ৰাক্তন অধ্যক্ষ আশ্ৰাফ আলী চাহাব,আৰক্ষী চক্ৰ বিষয়া কুষেশ্বৰ নাথ আৰু মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ উপস্থিত বৰ্ত্তমান কৰুণা ভাইৰাচৰ ত্ৰাস পৰা ৰক্ষা পাবলৈ ছেনিটাইজৰ মেচিন স্থাপন কৰি মানকাচৰ থানালৈ অহা যোৱা কৰা সকলো লোকক চেনিটাইজেচনৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এনে কাৰ্যক স্থানীয় ৰাইজে শলাগ লৈছে।লক ডাউনৰ সময়ছোৱাত মানকাচৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়াই এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰি আহিছে। মানকাচৰৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিজ প্ৰচেষ্টা আৰু গুৱাহাটী বশিষ্ঠ থানাত স্হাপন কৰা চেনিটাইজেচনৰ মেচিন চোৱাৰ পিছত তেখেতে এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি সাংবাদিকক জানিব দিয়ে।

Recent Posts

See All

Comentários


bottom of page