দক্ষিণ শালমাৰা মানকাচৰত এ আই ইউ ডি এফৰ সংবাদমেল
- The Megon
- Mar 15, 2021
- 1 min read

ৰাজ্যত একাংশ ৱেব মিডিয়াৰ অতপালি ।
ভদ্ৰতাৰ সীমা চেৰাই গৈছে একাংশ ৱেব মিডিয়াই ।
সংবাদ মাধ্যমক হেয় প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে একাংশ ওয়েৱ মিডিয়াই ।
নিজৰ মুনাফা আদায় কৰিবলৈ উঠিপৰি লাগিছে একাংশ ওয়েৱ মিডিয়াই ।
FAST NEWS ASSAM নামৰ এটা ওয়েৱ মিডিয়াৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি পৰিবেশন নকৰিবলৈ সকিয়াই দিয়ে জিলা ইউ ডি এফৰ সভাপতি নজমুল হক আৰফিনে ।
যোৱা কালি FAST NEWS ASSAM নামৰ এটা ৱেব মিডিয়াই ইউ ডি এফৰ সাংগাঠনিক সম্পাদক আমিনুল ইছলামক অসভ্য ভাষাৰে গালি গালাছ কৰি তুচ্ছ তাচ্চিল্য কৰিছিল ।
এটা বাতৰিৰ মাজত যি ভাষা ব্যৱহাৰ কৰিব লাগিছিল তাৰ বিপৰীতে টুলুঙা মন্তব্য কৰা হৈছিল আমিনুল ইছলামৰ বিৰুদ্ধে ।
আমিনুল ইছলামক যি ভাষাৰে গালি গালাছ কৰা হৈছিল সেয়া কোনো সাংবাদিকৰ নীতিত নপৰে ।
এনেকুৱা সাংবাদিকেই আজি কালি সাংবাদিকৰ নিচিনা সন্মানীয় পেচাত কলা দাগ লগাবলৈ উঠিপৰি লাগিছে ।
জিলা সভাপতি নজমুল হক আৰফিনে আজি দক্ষিণ শালমাৰা মানকাচৰ ইউ ডি এফৰ মূখ্য নিৰ্বাচনী কাৰ্য্যালয়ত সংবাদমেলত এনেদৰে কয় ।মনকৰিবলগীয়া কথা যে এটা প্ৰকৃত প্ৰতিবেদন বনাবলৈ ৰাইজৰ প্ৰতিক্ৰিয়া থকাটো বাধ্যতামূলক হয় যদিও ৰাইজৰ কোনো প্ৰতিক্ৰিয়া নোহোৱাকৈ কেনেকৈ এজন ব্যক্তিক এনেকৈ গালি গালাজ কৰিব পাৰে ?
Comments