top of page

হাটশিঙিমাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত টেক্টৰ বিতৰণ

  • Writer: The Megon
    The Megon
  • May 2, 2020
  • 1 min read

ree

ক্ষিণ শালমাৰা মানকাচৰ জিলাখনত মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰথম পৰ্যায়ৰ টেক্টৰ বিতৰণ সফলতাৰে সামৰণি পৰাৰ লগে লগেই আজি দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচিত ১৩৮ গোটৰ ১৩০ টা গোটে খেতিয়কৰ অংশৰ টকা বেংক ড্ৰাফ্ট যোগে জমা দিছে। বাকী আঠ টা গোটে কৃষকে বহন কৰিব লগা টকা লকডাউনৰ বাবে জমা দিয়া নাই । কৃষকৰ অংশ ৩০% টকা ১৩০ টা গোটৰ পৰা পোৱা গৈছে বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে । সেই ১৩০ টা গোটৰ ভিতৰত আজিলৈকে ৫৭ খন ট্ৰেক্টৰ আৰু লগত থকা সামগ্ৰী যেনে ট্ৰেইলৰ ৰোটোভেটৰ কাল্টিভেটৰ আদি বিতৰণ হৈ গৈছে । বাকী থকা গোট সমূহৰ ট্ৰেক্টৰ দুই এদিনৰ ভিতৰতে বিতৰণ কৰা হব বুলি জিলা কৃষি বিষয়া ডা মোজাম্মিল হকে জানিবলৈ দিয়ে । যি কেইটা গোটে এতিয়ালৈকে কৃষকৰ অংশ জমা দিয়া নাই তেওঁলোকক চাবচিডি বাদ দি কৃষকে বহন কৰিবলগীয়া টকা সোণকালে জমা দিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে বুলি জানিবলৈ দিয়ে । সম্মুখত শালি খেতিৰ বতৰ, ট্ৰেক্টৰ কেইখনৰ দ্বাৰা গোটৰ সদস্য সকলে নিজৰ মাটি চহাই অন্যান্য সামগ্ৰী কঢ়িয়াই লাভবান হব পাৰিব । আজি টেক্টৰ বিতৰণ কৰা কাৰ্য্যসূচীত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ইনামূল হক , সহকাৰী কৃষি বিষয়া খন্দকাৰ ছাইদুল আলম , সহকাৰী সম্প্ৰসাৰণ কৰ্মীসকলৰ উপৰিও ৭ টাকৈ গোটৰ সভাপতি আৰু সম্পাদক সকলে ।


Recent Posts

See All

Comments


bottom of page