top of page

শনিবাৰে ৰাতিপুৱা আলিপুৰদুৱাৰ জিলাত বোমা বিস্ফোৰণ

Writer: The Megon
The Megon
May 3, 2020
1 min read

শনিবাৰে ৰাতিপুৱা আলিপুৰদুৱাৰ জিলাৰ কামাখ্যা গুড়ি চুপাৰ মাৰ্কেট এলেকাত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই ঘটনাত ছয় জনকৈ লোক আহত হয়। আহত ব্যক্তি কেইগৰাকী হৈছে তন্ময় বৰ্মন,প্ৰশান্ত বৰ্মন, নিতন দাস,ৰাহুল দাস, সঞ্জয় দাস আৰু অলকেশ বৰ্মন। গুৰুতৰ ভাবে আহত তন্ময় বৰ্মন আৰু নিতন আলিপুৰদুৱাৰৰ জিলা হস্পিতাললৈ পঠোৱা হৈছে। জানিব পৰা মতে নদীত মাছ ধৰাৰ বাবে বোমা নিৰ্মাণ কৰা হৈছিল। এই বোমাবিধ নিৰ্মাণ কৰোঁতে চকলেট বোমাৰ বাৰুদ ব্যৱহাৰ কৰা হৈছিল । স্থানীয় বাসিন্দাই এই ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।

Recent Posts

See All

Comments


bottom of page