top of page

শীতল ভাণ্ডাৰৰ অভাৱত অসমত ৩০দিনীয়া তলাবন্ধত গেলিছে শাক পাচলি

Writer: The Megon
The Megon
May 3, 2020
1 min read

ভাৰতবৰ্ষ আজিও এখন কৃষি প্ৰধান দেশ। দেশৰ দুই তৃতীয়াংশ জনসংখ্যা বৰ্তমানেও কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত বৰ্তমান পৰ্যাপ্ত পৰিমাণে ফল, ধান, শাক পাচলি, পশুৰ আহাৰ উৎপাদন হয়। কিন্তু খেতিয়ক আৰু কৃষিক্ষেত্ৰ আটাইতকৈ বেছি আৰ্থিক লোকচানৰ সম্মুখীন হবলগীয়া হৈছে। দেশত থকা তলাবন্ধৰ বাবে অসমত ইতিমধ্যে বহু শাক পাচলি , ফলমূল নষ্ট হবলগীয়া হৈছে। এয়াই কৃষি বিভাগৰ বিফলতাক ৰাইজৰ সম্মুখত স্পষ্টভাৱে দাঙি ধৰিছে। অসমৰ শাক পাচলি সযতনে ৰাখিবলৈ অসমত শীতল ভাণ্ডাৰৰ যথেষ্ট অভাৱ আছে। ২০ টা শীতল ভাণ্ডাৰৰ কেৱল মাত্ৰ ৩ টাহে কাৰ্যক্ষম অৱস্থাত আছে । বাকীবোৰ হয়তো বন্ধ হৈছে নাইবা কাৰ্যক্ষম অৱস্থাত নাই। ৩০ দিনৰ তলাবন্ধৰ সময়ত কৃষিজাত সামগ্ৰীক যতন কৰি ৰাখিবলৈ প্ৰয়োজনীয় বুনিয়াদী ব্যৱস্থা নথকাটোই কৃষি বিভাগৰ কৰ্মন্যতাক বুজায়। অসমত ৫০ শতাংশতকৈ অধিক লোক কৃষিৰ সৈতে জড়িত। গতিকে চৰকাৰে কৃষিক্ষেত্ৰৰ ওপৰত অধিক মনোনিবেশ কৰাত প্ৰয়োজনীয়। যি চৰকাৰে শাসনত আহে সেই চৰকাৰে কৃষিক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিব বুলি জনায় যদিও শেষত সকলো গৈ ধোঁৱাচাঙত উঠাৰ বাহিৰে একো নহয়।

Recent Posts

See All

Comments


bottom of page