top of page

বি টি চি ত ৰাজনৈতিক অস্থিৰতা

  • Writer: The Megon
    The Megon
  • May 1, 2020
  • 1 min read


প্ৰায় ১৭ বছৰৰ অন্তত বি টি চি ৰ শাসনভাৰ হেৰুৱাব লগা হল হাগ্ৰামা মহিলাৰীয়ে। যোৱা ২৭ এপ্ৰিলত হাগ্ৰামা মহিলাৰীৰ কাৰ্যকাল শেষ হল। কোৰোনা ভাইৰাছৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে বি টি চি ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল। ঠিক ইয়াৰ পিছতে যোৱা ২৮ এপ্ৰিলৰ দিনা বি টি চি ত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হয়। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শাসনভাৰ গ্ৰহণ কৰে। ৰাজ্যপাল শাসন ব্যৱস্থা প্ৰচলিত হোৱা পিছতে জাঙুৰ খাই উঠিছে বি পি এফ দল। বিজেপি আৰু বি পি এফ দলৰ মাজত ক্ষমতাক লৈ ইতিমধ্যে খোৱা কামোৰা আৰম্ভ হৈছে। বি পি এফ দলে অভিযোগ কৰা মতে বি জে পি দলে কুটিল ৰাজনীতিৰে বি টি চি দখল কৰাৰ চিন্তা চৰ্চা কৰিছে। হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে যে কাগজে পত্ৰই নহলেও তেওঁ এতিয়াও বি টি চি প্ৰধান হৈ আছে। হাগ্ৰামা মহিলাৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক টুইট কৰি দুয়োটা দলৰ মিত্ৰতা অটুট ৰাখিবলৈ অনুৰোধ জনায় । এতিয়া এটা প্ৰশ্ন উত্থাপিত হয় যে ভাৰতীয় জনতা পাৰ্টিয়ে বি পি এফ সৈতে আলোচনা নকৰাকৈ কেনেকৈ তাত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিলে। ইয়াৰ আঁৰত নিশ্চয় কোনো ডাঙৰ অভিসন্ধি লুকাই থকাৰ সন্দেহ কৰিছে বি পি এফ দলে।

Recent Posts

See All

Comments


bottom of page