জুৰীয়া সংবাদ ক্লাবৰ প্ৰীতি ক্ৰিকেট খেলত জুৰীয়া সমবায় সমিতি লিমিটেড বিজয়ী

জুৰীয়া সংবাদ ক্লাবে আয়োজন কৰা দুদিনীয়া প্ৰীতি ক্ৰিকেট খেলত বিজয়ী হল জুৰীয়া সমবায় সমিতি লিমিটেড দল । জুৰীয়া সংবাদ ক্লাবৰ উদ্যোগ ত যোৱা চৈধ্য আৰু পোন্ধৰ মাৰ্চত বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দুদিনীয়াকৈ আয়োজন কৰা প্ৰীতি ক্ৰিকেট খেলত ১২ টা দলে অংশ গ্ৰহন কৰিছিল। জুৰীয়া নিউ মিলন ক্লাব বনাম জুৰীয়া সমবায় সমিতিৰ মাজত ফাইনেল খেল অনুষ্ঠিত হয়।কালি বিয়লি ফাইনেল খেলত ৮ অভাৰৰ খেল অনুষ্ঠিত হয়।খেলত জুৰীয়া নিউ মিলন ক্লাবক পৰাস্ত কৰি জুৰীয়া সমবায় সমিতি লিমিটেড বিজয়ী হয়।নিউ মিলন ক্লাৱে প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই ৫৪ ৰাণ সংগ্ৰহ কৰে ।পিছত জুৰীয়া সমবায় সমিতি লিমিটেড দলে সাতটা উইকেট হেৰুৱাই তিনিটা উইকেটত বিজয়ী হয় । খেল খনত মেন অৱ দ্যা মেটছ লাভ কৰে ডিবেটে আৰু মেন অৱ দ্যা ছিৰিজ লাভ কৰে ৰাইছুল হক চৌধুৰীয়ে । সন্ধিয়া জুৰীয়া সংবাদ ক্লাব ৰ সভাপতি উত্তম বৰাৰ সভাপতিত্বত ভুপেন হাজৰিকা মুকলি মঞ্চত বটা বিতৰণী সভা অনুষ্ঠিত হয় । উক্ত বটা বিতৰণী সভাত মূখ্য অতিথি হিচাপে নগাওঁ জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ, লগতে উপস্থিত থাকে এইচ,ডি ,এচ,লাইভ ২৪ অসমৰ মূখ্য সঞ্চালক তফাজুল ইছলাম এইচ ডি এচ লাইভৰ জেষ্ঠ মাচাদুৰ ৰহমান চৌধাৰী ,তমিজ উদ্দীন,সাংবাদিক ফজলুল হক,সমাজ সেৱক ডা: ছফিকুল ইছলাম,আমছু নেতা কমৰুজ জামান চৰকাৰ,মুশ্বাৰফ হুছেন কবিৰ ,অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰ সম্পাদক আবুবক্কৰ ছিদ্দীক সমাজ সেৱক শ্বফিকুল ইছলাম,জুৰীয়া গাওঁ পঞ্চায়তৰ প্ৰক্তন সভাপতি নুৰুল ইছলাম ৷




Comments