top of page
Writer's pictureThe Megon

কৰোনাৰ সন্ত্ৰাস আৰু অৰ্থনীতি


চীনত উৎপত্তি হোৱা কৰোনা ভাইৰাছে ইতিমধ্যে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছে। কি সৰু দেশ কি ডাঙৰ দেশ কি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কি বাংলাদেশ প্ৰায় আটাইবোৰ দেশ এই মাৰাত্মক ভাইৰাছৰ কৱলত পৰিছে। প্ৰত্যেক খন দেশ আজি তলাবন্ধ কৰি নিজৰ দেশৰ নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ বাধ্য হৈছে। একপ্ৰকাৰ সমগ্ৰ বিশ্ব আজি স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰায় একমাহতকৈ অধিক কাল সকলো উদ্যোগ প্ৰতিষ্ঠান বন্ধ হৈ থকা ফলত বিশ্বত খাদ্য সংকটৰ সৃষ্টি হৈছে আৰু লাখ লাখ লোকে তেওঁলোকৰ চাকৰি হেৰুৱাব লগা হৈছে।কিন্ত যেন এতিয়া প্ৰতিখন ৰাষ্ট্ৰই বুজি উঠিছে যে লকডাউন সমস্যাৰ সমাধান নহয়। লকডাউন ব্যৱস্থাই কেৱল সময় দিয়ে চিকিৎসা ব্যৱস্থাতোক অধিক মজবুত কৰাৰ। চীনে তেওঁলোকৰ বজাৰ, উদ্যোগ, প্ৰতিষ্ঠান সকলোবোৰ খুলি দিছে জনসাধাৰণৰ বাবে। স্পেইনৰ নিচিনা এখন দেশ যত তীব্ৰ গতিত এই সংক্ৰমণ বৃদ্ধি পাইছিল তেওঁলোকে লকডাউন শিথিল কৰি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ যত দহ লাখতকৈ অধিক লোক কৰোনা সংক্ৰমিত সেইখন দেশৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে লকডাউন শেষ কৰাৰ ইংগিত দিছে। ইয়াৰ অৰ্থ এইয়া যে কৰোনা ভাইৰাছৰ সৈতে এতিয়া আমি জীৱন নিৰ্বাহ কৰিবলৈ শিকিব লাগিব নহলে বিশ্বৰ অৰ্থনীতি ভাঙি পৰিলে ভাইৰাছে নামাৰিলেও খাদ্য সংকটত বহু মানুহে প্ৰাণ হেৰুৱাটো নিশ্চিত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে বৰ্তমান সময়ত কৰোনা হলে মৃত্যু হবই বুলি এক ধাৰণা কৰি লোৱা হৈছে কিন্তু যদিহে আমি মৃত্যুৰ হাৰ কমাব পাৰো নাইবা মৃত্যু হোৱাৰ পৰা ৰুগিবোৰক বচাবলৈ সক্ষম হওঁ তেন্তে মানুহৰ মনৰ পৰা এই শংকা নাইকিয়া কৰাত সক্ষম হম। লগতে কয় যে যেতিয়ালৈ কোনো প্ৰতিষেধক ঔষধ তৈয়াৰ নহয় তেতিয়ালৈ জনসাধাৰণে এই ৰোগবিধৰ হৈছে জীৱন নিৰ্বাহ কৰিবলৈ শিকিব লাগিব কাৰণে এই ভাইৰাছবিধ সমাজৰ পৰা যোৱাটো ইমান সহজ নহয়। মন কৰিবলগীয়া কথা যে লাহে লাহে বিশ্বৰ শক্তিশালী দেশবোৰে তেওঁলোকৰ দেশত আৰ্থিক গতিবিধি আৰম্ভ কৰিছে। চেণ্টাৰ ফৰ দি মনিতৰিং অৱ ইণ্ডিয়ান ইকনমি সংস্থাই আশংকা কৰিছে যে ভাৰতত লকডাউন আৰম্ভ হোৱাৰ পৰা বহু লাখ লোক নিবনুৱা হৈ পৰিছে অথবা চাকৰি হেৰুৱাব লগা হৈছে। আমেৰিকাৰ নিচিনা দেশতো নিবনুৱাৰ হাৰ তীব্ৰ গতিত বাঢ়িছে যোৱা এক মাহৰ ভিতৰত। এতিয়া এই অঘোষিত অপাতকালৰ সময়ত দেশবোৰৰ স্বাস্থ্য ব্যৱস্থা আৰু অৰ্থনীতি কিদৰে পুনৰ ঠন ধৰি উঠিব সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন বিশ্বৰ সম্মুখত।

22 views0 comments

Recent Posts

See All

Comments


bottom of page