ইজৰাইলত কৰোনা ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণত সফলতা
- The Megon

 - May 6, 2020
 - 1 min read
 

ইজৰাইলৰ ৰক্ষামন্ত্ৰী নফটালি বেনেটে উল্লেখ কৰিছে যে দেশখনৰ মুখ্য জৈৱিক অনুসন্ধান সংস্থাটোৰ বৈজ্ঞানিকে কৰোনা ভাইৰাছৰ প্ৰতিষেধক বিকশিত কৰাত সফলতা লাভ কৰিছে। ইজৰাইলৰ প্ৰধনামন্ত্ৰী কাৰ্যালয়ৰদ্বাৰা পৰ্যবেক্ষিত জীৱবিজ্ঞানী অনুসন্ধান সংস্থাৰ গৱেষকসকলৰ সৈতে ৰক্ষামন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰে। ৰক্ষামন্ত্ৰী কাৰ্য্যালয়ৰ পৰা জনোৱা হৈছে যে ভাইৰাছৰ প্ৰতিষেধক সম্পূৰ্ণ হৈ উঠিছে আৰু এতিয়া গৱেষকসকলে আন্তৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে বাণিজ্যিক স্তৰত এন্টিবডী তৈয়াৰ কৰাৰ বাবে সম্পৰ্ক কৰিব। বেনেটে কয় যে মই এই অভূতপূৰ্ব সফলতাৰ বাবে সংস্থাটোৰ প্ৰতিজন বৈজ্ঞানীককলৈ গৌৰৱ অনুভৱ কৰিছো। ইজৰাইলৰ ডেইলি হাৰাটেজ সংস্থাই মেডিকেল উৎসৰ পৰা খবৰ পোৱা অনুযায়ী জনাইছে যে মাৰ্চ মাহত জৈৱিক অনুসন্ধান সংস্থাটোৰ বৈজ্ঞানীকসকলে কৰোনা ভাইৰাছৰ জৈৱিক তন্ত্ৰ আৰু ইয়াৰ গুণবোৰ বুজি পোৱাত বহু পৰিমানে সফল হৈছিল। এতিয়া কেৱল অপেক্ষা আন্তৰাষ্ট্ৰীয় বজাৰত কৰোনা ভাইৰাছৰ প্ৰতিষেধক উপলব্ধ হবলৈ কিমান সময় লাগিব।







Comments