Lockdown ৰ মাজতে বিশ্বনাথত নাৰকীয় ঘটনা, নাৰ্ছক যৌন নিৰ্যাতনৰ প্ৰয়াস
- The Megon
- May 3, 2020
- 1 min read
বিশ্বনাথ চাৰিআলিৰ এখন চিকিৎসালয়লৈ নাইট ডিউটিৰ বাবে অহা দুগৰাকী নাৰ্ছক ৰাজপথত আন্ধাৰৰ সুযোগ লৈ আগচি ধৰি টনা আজোৰা কৰি ধৰ্ষণ কৰিবলৈ চেষ্ঠা কৰিছিল দ'গাওঁৰ Indian oilৰ পেট্ৰল পাম্পৰ কৰ্মচাৰীৰয়ে ৷ যি সময়ত কভিড19 ৰ বিৰোদ্ধে যুঁজ দিয়া চিকিৎসাকৰ্মী সকলক সকলোৱে ভগবান হিচাবে জ্ঞান কৰা হৈছে সেই সময়তে এচাম লম্পদে সংঘটিত কৰা এই কাৰ্যক সচাই লজ্জাজনক ৷ যি লজ্জাজনক কাম কৰিবলৈ চেষ্টা চলাইছিল পেট্ৰল পাম্পৰ কৰ্মচাৰীৰয়ে সিহঁতক আৰক্ষীয়ে লগে লগে আটক কৰে৷ গৌৰৱ কুমাৰ,অশোক কুমাৰ,ধ্ৰবীন্দ শৰ্মা আৰু ৰাহুল কুমাৰ বুলি জানিব পৰা গৈছে ৷এটাই কেইজন বিহাৰৰ মুজাফাপুৰ জিলাৰ৷
Comments